নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী ৰূপায়ণৰ বিৰুদ্ধে শুকুৰবাৰে দিল্লী বিধানসভাত প্রস্তাৱ গ্রহণ কৰা হয় ৷ কেবিনেট মন্ত্রী গোপাল ৰায়ে বিধানসভাত এই বিষয়টো উত্থাপন কৰে আৰু কেন্দ্রই দেশৰ অর্থনীতি শক্তিশালী কৰাৰ লগতে ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণৰ ক্ষেত্রতহে অধিক গুৰুত্ব দিব লাগে বুলি দাবী কৰে ৷ শুকুৰবাৰে অনুষ্ঠিত দিল্লী বিধানসভাৰ এদিনীয়া বিশেষ ছেছনত এন পি আৰ আৰু এন আৰ চি বিষয়ত আলোচনা কৰা হয় আৰু মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এই দুয়োখন আইন বাতিল কৰিবলৈ কেন্দ্রক আহ্বান জনায় ৷ ‘নাগৰিকত্ব প্রমাণ কৰিবলৈ মোৰ তথা মোৰ পত্নী, মোৰ কেবিনেটৰ সকলোৰে কোনো জন্মৰ প্রমাণ–পত্র নাই ৷ আমাক ডিটেনচন চেণ্টাৰলৈ প্রেৰণ কৰিব নেকি ?’ কেজৰিৱালে এইদৰে কয় ৷ মুখ্যমন্ত্রীজনে কেন্দ্রীয় মন্ত্রীসকলক চৰকাৰে প্রদান কৰা জন্মৰ প্রমাণ–পত্র দেখুৱাবলৈও প্রত্যাহ্বান জনায় ৷ শুকুৰবাৰে বিধানসভাত লোৱা প্রস্তাৱৰ সপক্ষত কেজৰিৱালে কয় – ‘ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে লোৱা প্রস্তাৱক মই সমর্থন কৰোঁ আৰু এই দুখন আইন দিল্লীত ৰূপায়ণ কৰা নহ’ব ৷’ তেওঁ আৰু কয়– ‘মই এন পি আৰ আৰু এন আৰ চি বাতিল কৰিবলৈ কেন্দ্রলৈ আহ্বান জনাইছোঁ ৷ মই বিশ্বাস কৰোঁ যে ৯০ শতাংশ লোকে নাগৰিকত্ব প্রমাণ কৰিবলৈ সক্ষম নহ’ব ৷’