নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত বাইকত ৰোমাঞ্চ : আৰক্ষীৰ জালত দম্পতী

🔹 বাইকৰ ইন্ধনৰ টেংকত মহিলা সংগীক বহুৱাই ৰাজপথেৰে যাত্রা

নিউজ ডেস্ক, ১২ জানুৱাৰী : ৰাজপথত চলন্ত বাইকৰ ওপৰত ৰোমাঞ্চ কৰা দম্পতীৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰাৰ পিছতেই কানপুৰৰ আৰক্ষীয়ে দম্পতীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে৷ ছ’চিয়েল মিডিয়াত প্রচাৰিত দম্পতীয়ে চলন্ত বাইকত ৰোমাঞ্চ কৰাৰ সময়ত হেলমেটো পৰিধান কৰা নাছিল৷ বাইকৰ ইন্ধনৰ টেংকত মহিলা সংগীক বহুৱাই লৈ পুৰুষজনে সাবটি ধৰি ৰাজপথেৰে যাত্রা কৰি আছে৷ বাইকত ৰোমাঞ্চ কৰা দম্পতীয়ে ১০বাৰতকৈ অধিক যান–বাহন নিয়ম উলংঘন কৰিছে৷ ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ প্রচাৰ হোৱাৰ পিছতেই কানপুৰ আৰক্ষীয়ে কালি অভিযান চলাই দম্পতীৰ তথ্য সংগ্রহ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, দম্পতীটোৱে কানপুৰৰ গংগাবেৰেজৰ সমীপত এনেদৰে চলন্ত বাইকৰ ওপৰত ৰোমাঞ্চ কৰিছে৷ নৱানগঞ্জ থানাৰ অধীনৰ এই ভিডিঅ’ ফুটেজটোৰ সময় আৰু তাৰিখ এতিয়াও আৰক্ষীয়ে সংগ্রহ কৰিব পৰা নাই যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে দম্পতীটো কানপুৰৰ আৱাছ বিকাশ অঞ্চলৰ বাসিন্দা বুলি আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে৷ ইয়াৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই দম্পতীটোক সোধা–পোছা কৰিছে৷ ভিডিঅ’টোত প্রকাশ পোৱা মতে, দম্পতীটোৱে এই ৰোমাঞ্চৰ সময়ত ১০বাৰতকৈ অধিক যান–বাহন আইন ভংগ কৰাৰ বাবে শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বিগত বর্ষৰ জুন মাহতো এনেধৰণৰ ঘটনা এটাৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰি বাইক চালকক গ্রেপ্তাৰ কৰিছিল৷ উক্ত ঘটনাত বাইকত ব্যক্তিজনে বিপজ্জনকভাৱে বিশ্বখ্যাত ছবি টাইটানিকৰ দৰে দৃশ্য ৰূপায়ণ কৰিছিল৷ আনপিনে, কানপুৰতেই আৰক্ষী বিষয়াৰ সন্মুখতে বাইক ষ্টাণ্ট কৰি এজন লোক আৰক্ষীৰ হাতত আটক হৈছিল৷ কানপুৰত এনেদৰে বাইক চালকে সংঘটিত কৰা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like