চেলেঞ্জাৰ ট্ৰফী : নাহৰকটীয়াৰ বিধায়ক একাদশ চূড়ান্ত বিজয়ী
বিশেষ বার্তা, ২০ জানুৱাৰী : নাহৰকটীয়া মৰ্ণিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক চেলেঞ্জাৰ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত নাহৰকটীয়াৰ বিধায়ক একাদশে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে। ১৮ জানুৱাৰীৰ পৰা নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত চূড়ান্ত খেলখনত বিধায়ক একাদশে নাহৰকটীয়া চেম্বাৰছ একাদশক ৪০ ৰাণৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়। প্ৰণিধানযোগ্য যে প্ৰথমখন চেমিফাইনেলত চেম্বাৰছ অফ কমাৰ্চে নাহৰকটীয়া মিডিয়া একাদশক আৰু বিধায়ক একাদশে মৰ্ণিং ক্ৰিকেট ক্লাৱক পৰাজিত কৰি প্ৰতিদ্বন্দিতা কৰা চূড়ান্ত খেলখনত প্ৰথমে বেট ধৰি বিধায়ক একাদশে দীপাংকৰৰ ১৬টা বলত ৩৯ আৰু অভিজিত দত্তৰ ৪৮টা বলত ২৩ ৰাণৰ সহযোগত নিৰ্ধাৰিত ৫ অভাৰত ২ উইকেটৰ বিনিময়ত ৯০ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নাহৰকটীয়া চেম্বাৰছ একাদশে হৰি নির্মলীয়াৰ বিধ্বংসী বলিঙৰ সন্মুখত দিশহাৰা হৈ নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই মাত্ৰ ৫০ ৰাণ সংগ্ৰহ কৰি ৪০ ৰাণত পৰাজয় স্বীকাৰ কৰে। বিজয়ী দলৰ হৈ হৰি নির্মলিয়াই ৫ ৰাণত ৩টা উইকেট পোৱাৰ বিপৰীতে বিজিত দলৰ সুৰজ কুমাৰে ২০ ৰাণ সংগ্ৰহ কৰাৰ উপৰি লক্ষ্মীনাথ ডেকাই ১৩ ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে বিধায়ক একাদশৰ হৰি নির্মলীয়াই চূড়ান্ত খেলৰ মেন অফ দা মেটছ হোৱাৰ বিপৰীতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে নিৰ্বাচিত হয় চেম্বাৰছ অফ কমাৰ্চৰ বিৰাজ ৰাজবংশীয়ে। খেলৰ শেষত বঁটাসমূহ বিতৰণ কৰে নাহৰকটীয়াৰ বিধায়ক, নাহৰকটীয়া ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত সভাপতি তথা বিধায়ক একাদশৰ অধিনায়ক তৰঙ্গ গগৈ, নাহৰকটীয়া ক্ৰীড়া সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক পংকজ সোনোৱাল, ক্ৰীড়া সংগঠক পলাশ কোঁৱৰ, বিজেপি নেতা তথা ক্ৰীড়া সংগঠক জগদীশ ৰাজকোঁৱৰ, নাহৰকটীয়া চেম্বাৰছ অফ কমাৰ্চৰ সভাপতি পোনা আহোম আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা