নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ক্রীড়াত ভাৰতীয় খো খো দলৰ ইতিহাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ ভাৰতীয় ক্রীড়াত নতুন অভিলেখ গঢ়িলে দেশৰ পুৰুষ আৰু মহিলা খো খো দলে৷ উল্লেখ্য যে দেশৰ প্রথম ক্রীড়া হিচাপে এটা বছৰতে বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰিছে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে৷ এতিয়ালৈকে ভাৰতে অন্য কোনো খেলতে পুৰুষ আৰু মহিলাত এটা বর্ষত বিশ্ব চেম্পিয়ন হৈ পোৱা নাই৷ কিন্তু নতুন দিল্লীত দেশৰ প্রাচীন খেল খো খোৰ জৰিয়তে এই অনন্য গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে৷ স্মর্তব্য যে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে প্রথম বিশ্বকাপতে চেম্পিয়ন হৈছে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রথম খো খো বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে নেপালৰ পুৰুষ–মহিলাক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ অর্জন কৰে৷ প্রথমখন ফাইনেলত আয়োজক দেশৰ মহিলা খো খো দলে ৭৮–৪০ৰ ব্যৱধানত নেপালক পৰাস্ত কৰি আই জি ষ্টেডিয়ামত সোণালী ইতিহাস গঢ়াৰ পাছত ভাৰতৰ পুৰুষ দলটোৱেও ৫৪–৩৬ৰ ব্যৱধানত নেপালক হৰুৱাই ঐতিহাসিক সফলতা অর্জন কৰে৷ বিশ্বকাপৰ পূর্বে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে ছাফ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ সোণ লাভ কৰিছিল৷ কিন্তু এই সফলতাৰ পাছত বিশ্ব খো খোত ভাৰতৰ পুৰুষ আৰু মহিলাৰ নতুন পৰিচয় হ’ব বিশ্ব চেম্পিয়ন হিচাপে৷ উল্লেখ্য যে অপৰাজেয় জয়যাত্রা অব্যাহত ৰাখি ভাৰতীয় পুৰুষ–মহিলা দলে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়৷ চেম্পিয়ন ভাৰতীয় মহিলা দলক সেউজীয়া ৰঙৰ মনোমোহা ট্ৰফী প্রদান কৰাৰ বিপৰীতে পুৰুষ দলক নীলা ট্ৰফী দিয়া হয়৷ ইয়াৰ পূর্বে গ্রুপ মেচত ইৰান, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াক পৰাস্ত কৰা ভাৰতীয় মহিলা খো খো দলে কোৱার্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমিফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰিছিল৷ আনহাতে, গ্রুপত ভাৰতৰ পুৰুষ দলে নেপালৰ লগতে পেৰু, ব্রাজিল আৰু ভূটানক পৰাস্ত কৰাৰ পাছত কোৱার্টাৰত শ্রীলংকা তথা ছেমিত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্রসৰ হৈছিল৷ উল্লেখ্য যে ফাইনেলৰ পূর্বে ভাৰতৰ পুৰুষ দলে উদ্বোধনী মেচতো নেপালৰ বিৰুদ্ধে মুখামুখি হৈছিল আৰু ৪২–৩৭ৰ ব্যৱধানত জয়লাভ কৰিছিল৷

You might also like