নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হ’ব পাৰে মিনি আই পি এল !

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দেশৰ বিভিন্ন প্রান্তত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত অনিশ্চিত হৈ পৰিছে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল৷ ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ব’র্ডে প্রতিযোগিতাখন ১৫ এপ্রিললৈ স্থগিত ৰাখিছে যদিও সকলো বিষয় এতিয়াও সম্পূর্ণৰূপে স্পষ্ট হোৱা নাই৷ নতুন সময়ত নতুন সূচীৰে আই পি এলৰ দৰে বৃহৎ প্রতিযোগিতা এখন আয়োজন কৰাৰ ক্ষেত্রত সন্মুখলৈ অহা প্রত্যাহ্বানসমূহ আলোচনা কৰিবলৈ ব’র্ডে শনিবাৰে আই পি এলৰ আটাইকেইটা ফ্রেনচাইজীৰ স্বত্বাধিকাৰীৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়৷

মুম্বাইত অনুষ্ঠিত এই বৈঠকত আই পি এলৰ ভৱিষ্যতক লৈ বিস্তৃতভাৱে আলোচনা হয় বুলি ব’ডৰ সূত্রই প্রকাশ কৰিছে৷ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠকখনত খেলুৱৈ, অনুৰাগী তথা কর্মকর্তাৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাত প্রাধান্য দিবলৈ সকলো পক্ষ সন্মত হয়৷ আর্থিক লোকচানৰ বিষয়টো এই মুহূর্তত কোনেও চিন্তা কৰা নাই বুলি উল্লেখ কৰি ফ্রেনচাইজীৰ মুৰব্বীসকলে বি চি চি আইৰ বিষয়ববীয়াৰ সৈতে আই পি এল সুচাৰুৰূপে আয়োজনৰ ক্ষেত্রত কেইবাটাও বিকল্প চিন্তা–চর্চাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷

ইয়াৰে অন্যতম বিষয় এটা হ’ল মিনি আই পি এল৷ প্রায় এসপ্তাহ পলমকৈ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত টি–২০ লীগখন সংকুচিত কৰাৰ পক্ষত সকলোৱে মতপোষণ কৰে৷ ব’ডৰ এক সূত্রই সদৰী কৰা অনুসৰি সময়ৰ অভাৱৰ বাবে আগন্তুক আই পি এল সংকুচিত হোৱাটো একপ্রকাৰ নিশ্চিত৷ আঠটা দলক দুটা গ্রুপত বিভক্ত কৰি শীর্ষ চাৰিটা দলৰ মাজত প্লে অফ খেলোৱাৰ চিন্তা–চর্চা ইতিমধ্যে আৰম্ভ হৈছে৷ একেদৰে শনি আৰু দেওবাৰে দুখনকৈ মেচ খেলোৱাৰো সম্ভাৱনা আছে৷

আনহাতে, দর্শকশূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত হ’লে দুখন বা তিনিখন ষ্টেডিয়ামতে আই পি এলৰ সকলো মেচ আয়োজনৰো চিন্তা–চর্চা কৰা হৈছে৷ অৱশ্যে আগন্তুক দুই–তিনি সপ্তাহত ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্রমণ কিমানদূৰ নিয়ন্ত্রণলৈ আহে তাৰ ওপৰত ভিত্তি কৰিহে আই পি এলৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷

উল্লেখ্য যে ব’র্ডে আহ্বান কৰা জৰুৰী বৈঠকত ফ্রেনচাইজীৰ স্বত্বাধিকাৰী হিচাপে উপস্থিত আছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, প্রখ্যাত উদ্যোগপতি পার্থ জিন্দাল, নেছ ৱাডিয়া আদি৷

You might also like