নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পগ্রাম মহোৎসৱ–২০২০ ত উদুলি–মুদুলি পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ  বাৰেৰহণীয়া থলুৱা কলা–শিল্প, প্রদর্শনী, পৰম্পৰাগত খাদ্যমেলা আৰু সংগীত–নৃত্য আদি সাংস্কৃতিক তিনিদিনীয়া কার্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল শিল্পগ্রাম মহোৎসৱ–২০২০৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ উত্তৰ–পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র (এন ই জেড চি চি)ৰ উদ্যোগত যোৱা ১১ মার্চত আৰম্ভ হয় এই মহোৎসৱটি৷ ২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্রতিষ্ঠা লাভ কৰা উত্তৰ–পূর্বাঞ্চলৰ অগ্রণী সাংস্কৃতিক প্রকল্প চৌহদ শিল্পগ্রামৰ ১৪সংখ্যক বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এইবেলিৰ শিল্পগ্রাম মহোৎসৱত আঠভনী ৰাজ্যৰ লগতে ভাৰত বর্ষৰ ১৪খন ৰাজ্যৰ লোক–সাংস্কৃতিক শিল্পীৰ দল, ৯খন ৰাজ্যৰ শিল্পকলা আৰু হস্তকলাৰ দলৰ সৈতে মুঠ ২৫০গৰাকী লোককলা– কুশলীয়ে অংশগ্রহণ কৰিছে৷ এন ই  জেড চি চিৰ অধ্যক্ষ তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰক এন ৰভি আৰু সঞ্চালক জিতুল সোণোৱালৰ গতিশীল প্রচেষ্টাত লোক–সাংস্কৃতিক পথাৰখনক অধিক মহীয়ান কৰাৰ মানসেৰে বর্ণিলভাৱে আয়োজিত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটি কালি বিয়লি অনুষ্ঠিত হৈ যায়৷ বন্তি প্রজ্বলনেৰে লোকশিল্পী ধনদা পাঠকে মুকলি কৰা মহোৎসৱত সঞ্চালক জিতুল সোণোৱালে আদৰণী ভাষণ প্রদান কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ বিশিষ্ট লোকসংগীত শিল্পী ধনদা পাঠক, সন্মানীয় অতিথি হিচাপে প্রণাম কমিছনৰ অধ্যক্ষ–আইএএছ অৱসৰী বিষয়া ভি বি পিয়াৰেলাল আৰু বিশিষ্ট বোলছবি আৰু নাট্যশিল্পী জয়ন্ত ভাগৱতীয়ে অংশ লৈ বক্তব্য প্রদান কৰে৷ উল্লেখ্য যে প্রণামী কলিতাৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা উৎসৱত শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলা আৰু লুইতকোঁৱৰ ৰুদ্র বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষার্থীৰ দ্বাৰা চিয়াগীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে৷ একেদৰে নীলাচল জাতীয় বিদ্যালয়ৰ দ্বাৰা অসমীয়া ভিন্ন স্বাদৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, মণিকাঞ্চন কলা মঞ্জৰীৰ সত্রীয়া নৃত্যৰ অনুষ্ঠান পৰিৱেশিত হয়৷ গুৰুত্বপূর্ণ যে  উত্তৰ–পূবৰ আঠখন ৰাজ্যৰ সৈতে ভাৰতবর্ষৰ ১৪খন ৰাজ্যৰ লোক–নৃত্যৰ আধাৰত বিশিষ্ট নৃত্য পৰিচালক ড০ প্রসন্ন গগৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ শীর্ষক নৃত্যানুষ্ঠানত একেলগে একে মঞ্চতে ২০৫ লোকশিল্পীয়ে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে৷

You might also like