খানাপাৰা–পাঞ্জাবাৰীৰ্ মিচিংসকলক ভূমি পট্টা প্রদানৰ দাবী
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ মিচিং কৃষ্টি–সংস্কৃতিৰ ধাৰা চিৰপ্রৱহমান আৰু ইয়াক অধিক প্রচাৰ–প্রসাৰৰ প্রয়োজন৷ গতিকে এইক্ষেত্রত নৱপ্রজন্মৰ ইতিবাচক ভূমিকাই গুৰুত্বপূর্ণ হ’ব৷ –এই মন্তব্য আগবঢ়াইছে মিচিং দৃৰবৃ কেবাং (মিচিং সাংস্কৃতিক সন্থা)ৰ উপ–সভাপতি অশ্বিনী কুমাৰ দলেই৷ খানাপাৰা– যোৰাবাট–পাঞ্জাবাৰী আঞ্চলিক আলি–আয়ে– লৃগাঙৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশ লৈ বিশিষ্ট চিত্র নির্মাতা অশ্বিনী কুমাৰ দলেই আৰু কয় যে বিশ্বায়নৰ যুগত কৃষ্টি–সংস্কৃতিৰ প্রতি ভাবুকি অপসংস্কৃতি ৰোধৰ বাবেও সচেতন মহল সজাগ থাকিব লাগিব৷ অনুষ্ঠানতে বিশিষ্ট সমাজকর্মী জয়ন্ত কুমাৰ দাসে অংশ লৈ মত ব্যক্ত কৰে যে অসমৰ অন্যতম ভূমিপুত্র মিচিং জনজাতিসকলৰ অসমীয়া জাতি গঠন প্রক্রিয়াত ঐতিহাসিক ভূমিকা অনস্বীকার্য৷ শান্তিপ্রিয় জনজাতি মিচিংসকলক ভূমিৰ অধিকাৰ প্রদান কৰাটো চৰকাৰৰ কৰণীয় বুলিও জয়ন্ত দাসে কয়৷
আনহাতে, অসমৰ লখিমপুৰ, ঢ়কুৱাখনা, গোগামুখ, ধেমাজি, জোনাই, মাজুলী, শিৱসাগৰ, যোৰহাটৰ পৰা বান–গৰাখহনীয়াত সর্বস্বান্ত হোৱা নৈপৰীয়া মিচিংসকল কেইবাবছৰ ধৰি খানাপাৰা–পাঞ্জাবাৰী– যোৰাবাটৰ আশে–পাশে বসবাস কৰি আহিছে৷ ভোলাৰাজ দলেৰ সভাপতিত্বত হোৱা আলি–আয়ে–লৃগাঙৰ লৃগ্গদ পর্ব, মাংগলিক পর্ব, স্মৃতি তর্পণ, গছ ৰোপণ, গুমৰাগ নৃত্য প্রতিযোগিতা, ঐনিতম প্রতিযোগিতা, একক নৃত্য, দলীয় নৃত্য প্রতিযোগিতা সম্পন্ন হয়৷ অনুষ্ঠানত মেঘালয়ৰ ৰিভয় জিলাৰ ৰজা কেনচিং, ৰতন কছাৰী, বিক্রম হান্সে, চিত্রশিল্পী শিৰোমণি দলে, লভিতা মৰাং, ৰাহুল লয়িং, ডাঃ শৈলেন কলিতা, ভৱকান্ত য়েইন, গণেশ পেগু, লক্ষী চুক্রায়ে অংশগ্রহণ কৰে৷ চলচ্চিত্র নির্মাতা ডাঃ ভূপেন কামানে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী ধৰণী টাৱ, তেনচিয়ন মিলি, অৱনী মিলিয়ে ঐনিতম আনুনিতম বিহুগীত পৰিৱেশন কৰে৷