নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ কুকুৰৰ বাবে খাদ্য–চিকিৎসা আগবঢ়াই দৃষ্টান্ত এজাক যুৱক–যুৱতীৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ প্রভুভক্ত বা মানুহৰ অতি বিশ্বস্ত বুলি কোৱা জন্তুবিধেই হ’ল কুকুৰ৷ পিছে এই অবুজন জীৱ–জন্তুক প্রায়ে অৱহেলা কৰা দেখা যায়৷ বহু ক্ষেত্রত সিহঁতৰ ওপৰত অন্যায়ভাৱে মানুহে অত্যাচাৰ চলোৱাৰ লগতে হুকুম জাৰি কৰি অমানুষিক আচৰণ কৰা প্রত্যক্ষ কৰা যায়৷ পদপথত ঘূৰি ফুৰা কুকুৰ হ’লেতো লেই লেই ছেই ছেই কৰা দেখা যায়৷ কিন্তু কুকুৰৰ প্রতি থকা মৰম–ভালপোৱাৰ এক বিৰল দৃশ্য৷ শ্বহীদ নগৰী ঢ়েকীয়াজুলিত এদল যুৱক–যুৱতীয়ে পশুপ্রেমৰ ব্যতিক্রমী দৃষ্টান্ত দাঙি ধৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ পদপথত গৰাকীবিহীনভাৱে অনাই–বনাই ঘূৰি থকা কুকুৰৰ বাবে ঢ়েকীয়াজুলি নগৰত আহাৰৰ ব্যৱস্থা কৰিছে দ্য ভইচ এনিমেল ৱেলফেয়াৰ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ এইসকল যুৱক–যুৱতীয়ে৷ হালধীয়া ৰঙৰ কাপোৰ পিন্ধি এইসকল যুৱক–যুৱতী কেতিয়া আহিব যেন তাৰে অপেক্ষাত ৰৈ থাকে ঢ়েকীয়াজুলি নগৰৰ পদপথৰ ভোকাতুৰ কুকুৰ৷ কুকুৰেও এতিয়া নিশ্চিত যে এইসকল যুৱক–যুৱতী হালধীয়া ৰঙৰ কাপোৰ পিন্ধি আহিলেই আমি খাবলৈ পাম৷

উল্লেখ্য যে বিগত তিনি মাহ ধৰি সংগঠনটোৰ তৰফৰ পৰা ঢ়েকীয়াজুলিৰ এইসকল যুৱক–যুৱতীয়ে পদপথৰ কুকুৰক খাদ্য, চিকিৎসা আদিৰে সেৱা আগবঢ়াই আহিছে৷ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াই জনায় যে সংগঠনটোৰ মুখ্য কার্যালয় তেজপুৰত৷ বর্তমান ঢ়েকীয়াজুলিলৈ সম্প্রসাৰিত কৰা হৈছে সংগঠনটোৰ কাম–কাজ৷ ইতিমধ্যেই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ঢ়েকীয়াজুলিৰ পদপথত খাদ্য বিচাৰি অনাই–বনাই অস্বাস্থ্যকৰ পৰিৱেশত ঘূৰি থকা ২৫টাৰো অধিক কুকুৰক তেজপুৰস্থিত মুখ্য কার্যালয়লৈ লৈ গৈ চিকিৎসা কৰি সম্পূর্ণ সুস্থ কৰি তুলিছে৷ কোনো লোকে সুস্থ কুকুৰক নিজ গৃহলৈ নিব বিচাৰিলে নিয়াৰ বাবেও ব্যৱস্থা গ্রহণ কৰিছে সংগঠনটোৱে৷ আনহাতে পদপথত বা ৰাষ্ট্রীয় ঘাইপথত দুর্ঘটনাত পতিত হোৱা কুকুৰকো চিকিৎসা সেৱা আগবঢ়াই সম্পূর্ণ সুস্থ কৰি তোলাৰ কথা জনায় সংগঠনটোৰ বিষয়ববীয়াই৷ স্বেচ্ছাসেৱী সংগঠনটোৰ যুৱক–যুৱতীসকলৰ্ ইতিবাচক পদক্ষেপক আদৰণি জনাইছে ঢ়েকীয়াজুলিবাসীয়ে৷

You might also like