নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াৰ খণ্ড আঁচনি প্ৰবন্ধক মনীষ বৰকাকতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মন্দিয়াৰ খণ্ড আঁচনি প্ৰবন্ধকৰ কাম-কাজত সম্প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলে। উল্লেখযোগ্য যে ৰাজ্যিক জীৱিকা অভিযান মন্দিয়াৰ অধীনৰ মণ্ডল পৰ্যায়ৰ সংগঠন (চিএলএফ)ৰ কাৰ্যকৰী সদস্যা হিচাবে গাওঁ সংগঠন (ভি ও)ৰ সভানেত্ৰী/সম্পাদিকা সকলে চিএলএফৰ হিচাব-নিকাচ বিচাৰিলে খণ্ড আঁচনি প্ৰবন্ধক গৰাকীয়ে সদস্যাক অপদস্থ কৰি কাৰ্যালয়ৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিয়মানুযায়ী ছি এল এফৰ পৰা ভিওৱে পাবলগীয়া চি আই এফ পুঁজি পাবলৈ হ’লে বিপিএম মনীষ বৰ কাকতিক দিব লাগে হেনো মোটা অংকৰ ধন। চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ স্বাৱলম্বীতাৰ বাবে দিয়া ঋণৰ সুবিধাৰ পৰা বি পি এম মনীষ বৰকাকতিয়ে দৰিদ্ৰ মহিলা সদস্যাক বঞ্চিত কৰাত ধনৰ অভাৱত বিনা চিকিৎসাত কিছু দিন পূৰ্বে মৃত্যু মুখত পৰিবলগীয়া হৈছে মিলনমালা নামৰ এগৰাকী সদস্যাৰ স্বামী।এই সমগ্ৰ কথা কেমেৰাৰ আগত উচুপি উচুপি ব্যক্ত কৰিলে অকালতে স্বামীক হেৰুৱা দুৰ্ভোগীয়া সদস্যাগৰাকীয়ে। আত্মসহায়ক গোটৰ মহিলাৰ বাসগৃহ জুইত জাহ যোৱাত সাহায্য পুঁজিৰ পৰা ঋণ প্ৰদান কৰাৰ বিপৰীতে প্ৰবন্ধক গৰাকীয়ে অশালীন ব্যৱহাৰেৰে কাৰ্যালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগো উত্থাপন কৰিছে ভুক্তভোগী মহিলা সদস্যা সকলে। খণ্ড আঁচনি প্ৰবন্ধক গৰাকীৰ এনে কাৰ্য-কলাপৰ বিৰুদ্ধে ইতিমধ্যে বাঘবৰৰ বিধায়ক , জিলা আয়ুক্ত,জিলা কাৰ্যবাহী বিষয়া আৰু বাঘবৰ ৰাজহ চক্ৰ বিষয়াক দাখিল কৰিছে অভিযোগ। জানিব পৰা মতে যে এইগৰাকী খণ্ড আঁচনি প্ৰবন্ধকক দুৰ্নীতিৰ অভিযোগত চতিয়া উন্নয়ন খণ্ডৰ পৰা কিছু দিন পূৰ্বে শাস্তিমূলক বদলি কৰিছিল বিভাগে। অৱশ্যে এতিয়া বিপিএম মনীষ বৰকাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আত্মসহায়ক গোটৰ সদস্যাসকলে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like