নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত এনজিঅʼৰ সদস্যই আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : বৰপেটাৰ বাঘবৰৰ সত্ৰকণৰাত যোৱানিশা দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয়। কনৰা গাঁৱৰ Walk For Others এনজিঅʼৰ সদস্য সকলে নিশাৰ ভাগত ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুয়ো জন যুৱকক হাতে-লোটে আটক কৰে। উক্ত ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহকাৰী দুজন ক্ৰমে তেধেৰা গাঁৱৰ হাবিবুল আহমেদ আৰু অহিদুল ইছলাম। দুয়ো সৰবৰাহকাৰীয়ে ড্ৰাগছ লৈ পলাই যাবলৈ ধৰাত এনজিঅʼৰ সদস্যসকলে তেওঁলোকক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। তাৰ পিছত এনজিঅʼৰ সদস্য সকলে যুৱক দুজনৰ পৰা এটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু এখন স্কুটী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পিছত এনজিঅʼৰ সদস্যসকলে সৰবৰাহকাৰী দুজনক সোধা-পোছা কৰাত সত্ৰকণৰা গাঁৱৰ আয়নাল হকৰ ঘৰৰ পৰা ড্ৰাগছখিনি লোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰে। তৎক্ষণাৎ দুয়ো সৰবৰাহকাৰীক এনজিঅʼৰ সদস্য আৰু স্থানীয় ৰাইজে আয়নাল হকৰ ঘৰত লৈ যায় যদিও ৰহস্যজনক ভাৱে আয়নাল হকৰ ঘৰৰ সকলো সদস্যই সেই মূহুৰ্তত পলায়ন কৰে। দীৰ্ঘ দিন ধৰি গাঁৱ খনৰ আয়নাল হকৰ পুত্ৰ স্বাজাহান আলীয়ে এই মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ লগত জড়িত। সেয়ে এতিয়া অঞ্চলৰ ৰাইজে প্ৰশাসনৰ ওচৰত স্বাজাহানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাইজে খবৰ দিয়াত হে ঘটনা স্থলীত মন্দিয়া আৰক্ষী উপস্হিত হৈ ৰাইজে ধৰি দিয়া সৰবৰাহকাৰী দুজনক আৰক্ষীৰ ওচৰত সমজাই দিয়ে। উল্লেখযোগ্য যে বাঘবৰ থানা আৰু মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ ভিন্ন এলেকাত দীৰ্ঘ দিনে অব্যাহত থকা মাৰাত্মক ড্ৰাগছৰ বেহা তথা অসামাজিক কাম-কাজ ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like