নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ বৃহৎ সভা, ২৩৯ কংগ্ৰেছ নেতা-কৰ্মীৰ যোগদান

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ক্ৰমাৎ কংগ্ৰেছ শূণ্য হোৱাৰ দিশে চামগুৰি সমষ্টিৰ ভকতগাঁও জিলা পৰিষদৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়ত। নতুনকৈ অন্তৰ্ভুক্ত হোৱা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভকতগাঁও অঞ্চলৰ হেৰাপাতি, লাওগাওঁ, বৰভেটি আৰু ভকতগাঁও পঞ্চায়তৰ সাধাৰণ জনতা কংগ্ৰেছৰ প্ৰতি বিতুষ্ট হৈছে। এই বৃহৎ অঞ্চলটো স্বাধীনতাৰ পাছৰে পৰা নগাঁও সদৰ সমষ্টিৰ সংখ্যালঘু ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল ৰাজনৈতিক দলবোৰে। প্ৰধানত কংগ্ৰেছে এক ভোট বেংক হিচাপে এই অঞ্চলটোৰ জনসাধাৰণক ব্যৱহাৰ কৰি আহিছিল! সমষ্টি পুনৰ্বিন্যাস কৰাৰ সময়ত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খণ্ড এলেকাধীন বৰভেটি, ভকতগাঁও, লাওগাওঁ, হেৰাপাতি গাওঁ পঞ্চায়ত নতুন চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। ফলস্বৰূপে এই চাৰিওটা পঞ্চায়তৰ প্ৰায় ৪৮ হাজাৰ ভোটাৰ চামগুৰি সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। চামগুৰি সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ভকতগাঁও পঞ্চায়তৰ চিলঙনীত আজি পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় বিজেপিৰ এক বৃহৎ সাংগাঠনিক ও যোগদান সভা। ভকতগাঁও বিজেপিৰ নেতা বাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মূখ্য অতিথি হিচাপে চামগুৰি সমষ্টিৰ যুৱ নেতা মুজিবুৰ ৰহমান উপস্থিত থাকে। গড়াজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তফাৰদাৰ, বৰভেটি পঞ্চায়তৰ প্ৰভাৰী আমিনুল ইছলাম, ভকতগাঁও পঞ্চায়তৰ দলীয় প্ৰভাৰী আহমেদ আলী, ডিফলু পঞ্চায়তৰ যুৱ নেতা ইন্তাজ আলী, ডাঃ কামাল হাচান আদি উপস্থিত থাকি ভাষণ দিয়ে।প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিতিত যুৱ নেতা মুজিবুৰ ৰহমানে কয় যে “চামগুৰিত নুৰুল হুছেইন আৰু তেওঁৰ পুত্ৰ ৰকিবুল হুছেইন পিতা পুত্ৰ মিলি ৩৫ বছৰ ৰাজত্ব কৰিছিল।আৰু এইবাৰ পিতা পুত্ৰ আৰু ককাৰ ৰাজনৈতিক ভেটি আমি উছন কৰিবলৈ সক্ষম হৈছোঁ। চামগুৰিৰ সাধাৰণ জনতাই কাৰো ৰঙা চকু লৈ ভয় নকৰে,চামগুৰিৰ ৰাইজে এতিয়া কেৱল উন্নয়ন বিচাৰে।” সভাত ২৩৯গৰাকী কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিদলত যোগদান কৰে। অঞ্চলটোৰ আজন্ম কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা আলহাজ আব্দুল মতিন চৌধুৰী,সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছাৰ সভাপতি আব্দুল কাদিৰ মহলদাৰ, সম্পাদক জাকিৰ হুছেইন, চিলঙণী উদয়ীমান যুৱ সমাজৰ মূখ্য উপদেষ্টা মফিদুল হক চৌধুৰী, কাতিমাৰী গ্ৰাণ্টৰ হোছেইন আলী পৰধানী, বিশিষ্ট যুৱ ব্যৱসায়ী জাকিৰ হুছেইন, শিমলুগুৰিৰ আছাদুল ইছলাম সহ ২৩৯ জন কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান কৰে। ইয়াৰ লগে লগে সোণাইঘাট, চলচলি, চিলঙণী, ভকতগাঁও আদি বৃহত্তৰ অঞ্চল কংগ্ৰেছ একপ্ৰকাৰ শূণ্য হৈ পৰা পৰিলক্ষিত হৈছে। সভাৰ অন্তত মুজিবুৰ ৰহমানে বিপ্লৱ তফাৰদাৰ আৰু বাহাৰুল ইছলামক লগত লৈ চিলঙণী জীৱন জ্যোতি নিচামুক্ত কেন্দ্ৰটি ফিতা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ লগতে পদব্ৰজে সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছাত সদলবলে প্ৰৱেশ কৰি মাদ্ৰাছা কৰ্তৃপক্ষৰ সৈতে আলাপ আলোচনাৰ জড়িয়তে পৰিস্থিতিৰ বুজ লয় আৰু সমাধানৰ আশ্বাস দিয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like