নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাংদুৱাৰত প্রার্থিত্ব নাপালেই দল এৰিব বি ফেৰেংগাই; বিপিএফৰে যোগাযোগ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ক্রমাৎ অধিক আকর্ষণীয় হৈ উঠিছে বিটিচিৰ ৰাজনীতি৷ আসন্ন নির্বাচনৰ জৰিয়তে বিটিচিৰ শাসনভাৰ দখলৰ হুংকাৰ দিয়া ইউ পি পি এলে পৰিষদৰ সমষ্টিসমূহত প্রার্থী বাছনিৰ ক্ষেত্রত যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে৷ বিশেষকৈ পূর্বৰে পৰা দলত সক্রিয় হৈ থকা একাংশৰ লগতে নতুনকৈ দললৈ অহা এবছু, এন ডি এফ বিৰ একাংশ কেডাৰে এইবাৰ প্রার্থিত্বৰ সবল দাবীদাৰ হৈ উঠাত কাক ধৰিব, কাক এৰিব তাক লৈ নেতৃত্বৰ মাজত সমস্যাৰ সৃষ্টি হৈছে৷ ইয়াৰ বাবেই আজিপর্যন্ত দলে প্রার্থী তালিকা চূড়ান্ত কৰিব পৰা নাই৷ ইউ পি পি এলৰ এক সূত্রই জানিবলৈ দিয়া মতে, দলটোৰ প্রতিষ্ঠাপক সভাপতি উর্খাও গৌৰা ব্রহ্ম আৰু বর্তমানৰ সভাপতি প্রমোদ বড়োৱে প্রার্থী বাছনিৰ ক্ষেত্রত একাংশ এন ডি এফ বি নেতাৰ পৰা তীব্র হেঁচাৰ সন্মুখীন হৈছে৷ ইয়াৰ বিপৰীতে দলে জয়ৰ সম্ভাৱনা থকা ব্যক্তিকহে প্রার্থিত্ব দিয়াৰ নীতি গ্রহণ কৰিছে৷

সূত্রটোৱে প্রকাশ কৰা অনুসৰি এন ডি এফ বি (এছ)ৰ সম্পাদক বি ফেৰেংগাৰ প্রার্থিত্ব সম্পর্কত এতিয়াও দলে নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ অথচ বি ফেৰেংগাই চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত প্রার্থিত্ব লাভৰ আশাৰেই দলত যোগদান কৰিছিল৷ এন ডি এফ বিৰ ফালৰ পৰা ফেৰেংগাক চিৰাংদুৱাৰত প্রার্থিত্ব দিয়াৰ বাবে দলৰ নেতৃত্বক হেঁচা দিয়া হৈছে৷ ইয়াৰ বিপৰীতে ইউ পি পি এল–এবছুৱে এইপর্যন্ত এই বিষয়ত সহমতত উপনীত হ’ব পৰা নাই৷ ইপিনে বি পি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, ইউ পি পি এলৰ শেহতীয়া কার্যকলাত ইতিমধ্যে দলটোত যোগদান কৰা এন ডি এফ বিৰ একাংশ কেডাৰ অসন্তুষ্ট হৈ পৰিছে৷ অসন্তুষ্ট বহু এন ডি এফ বিৰ সদস্যই বি পি এফত যোগদানৰ বাবে আগ্রহো প্রকাশ কৰিছে৷ বি ফেৰেংগায়ো চিৰাংদুৱাৰত দলীয় প্রার্থিত্ব নাপালে ইউ পি পি এল ত্যাগ কৰাটো নিশ্চিত বুলি জানিবলৈ দি সূত্রটোৱে কয় যে পিপলছ জইণ্ট একচন ফ’ৰ বড়োলেণ্ড মুভমেণ্টৰ এজন নেতাৰ জৰিয়তে তেওঁ বি পি এফত যোগদানৰ বাবে ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে৷ ইউ পি পি এলৰ দলীয় প্রার্থী তালিকা চূড়ান্ত হ’লেই তেওঁ আনুষ্ঠানিকভাৱে এইক্ষেত্রত স্থিৰ সিদ্ধান্তত উপনীত হ’ব৷ মন কৰিবলগীয়া এয়ে যে এন ডি এফ বি (এছ)ৰ সভাপতি বি চাওৰাইগৌৰাই ইতিমধ্যে বি পি এফত যোগদান কৰিছে৷ এতিয়া ফেৰেংগাও বি পি এফলৈ আহিলে এন ডি এফ বি (এছ) কার্যতঃ সম্পূর্ণৰূপে বি পি এফৰ অংগ হৈ পৰিব৷ এন ডি এফ বিৰ আন এটা গোট ধীৰেন বড়োৱেও ইতিমধ্যে বি পি এফত যোগদান কৰিছে৷

You might also like