অনিশ্চিত আই পি এল অনুশীলন এৰি ঘৰলৈ উভতিল ধোনী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ সমগ্র বিশ্বৰ লগতে ভাৰততো দ্রুতগতিত সম্প্রসাৰিত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত সমাগত আই পি এল অনিশ্চিত হৈ পৰাত অনুশীলন সামৰি আজি ঘৰলৈ ওভতে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ দীর্ঘদিনৰ বিৰতিৰ মূৰত আই পি এলৰ জৰিয়তে ক্রিকেটলৈ প্রত্যাৱর্তন ঘটোৱাৰ লক্ষ্যৰে যোৱা এসপ্তাহ ধৰি চেন্নাইত অনুশীলনত ব্যস্ত হৈ থকা তাৰকা ক্রিকেটাৰগৰাকীয়ে দেওবাৰে গৃহচহৰ ৰাঁচী অভিমুখে ৰাওনা হয়৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আই পি এলৰ দলৰ স্বত্বাধিকাৰীৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় ঐশ্বর্যশালী টি–২০ লীগখন ১৫ এপ্রিল পর্যন্ত পিছুৱাই দিয়াৰ পিছতে চেন্নাই ছুপাৰ কিংছে কালি দলটোৰ অনুশীলন বাতিল কৰিছিল৷
মন কৰিবলগীয়া যে যোৱা বছৰ ইংলেণ্ডত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পিছৰে পৰা মহেন্দ্র সিং ধোনীয়ে খেলপথাৰত নমা নাই৷ ক’ৰোনা ভাইৰাছৰ আতংকত আই পি এল অনিশ্চিত হৈ পৰাৰ লগে লগে প্রাক্তন অধিনায়কগৰাকীৰ প্রত্যাৱর্তনৰ সপোনো আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা আছে৷