লক্ষ্ণৌত আবদ্ধ দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিম দুখন এদিনীয়া মেচ বাতিল হোৱাৰ তিনি দিন অতিক্রম কৰিলেও এইপর্যন্ত স্বদেশলৈ উভতিব পৰা নাই দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰসকল৷ মেচ বাতিলৰ পিছত আলহী দলটোৰ খেলুৱৈসকলক লক্ষ্ণৌৰ পৰা দিল্লীলৈ আনি দক্ষিণ আফ্রিকালৈ প্রেৰণ কৰিব বুলি বি চি চি আয়ে ঘোষণা কৰিছিল৷ কিন্তু দিল্লীত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দক্ষিণ আফ্রিকাৰ অধিনায়ক কুইণ্টন ডি ক’কে দেশৰ ৰাজধানী চহৰলৈ আহিবলৈ অসন্মতি প্রকাশ কৰে৷ ইয়াৰ ফলত বি চি চি আয়ে দলটোক যোৱা তিনি দিন লক্ষ্ণৌতে ৰখাৰ ব্যৱস্থা কৰে৷ ব’ডৰ এক সূত্রই আজি সদৰী কৰা অনুসৰি দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে খেলুৱৈসকলৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি দিল্লীৰ পৰিৱর্তে কলকাতা হৈ দলটোক স্বদেশলৈ ওভতাই নিব বিচাৰিছে৷ ক’ৰোনা ভাইৰাছে ভাৰতত আতংকৰ সৃষ্টি কৰিলেও কলকাতা চহৰ এতিয়ালৈকে তুলনামূলকভাৱে নিৰাপদ হৈ থকাৰ পৰিপ্রেক্ষিতত দক্ষিণ আফ্রিকাৰ খেলুৱৈসকলে যাত্রাপথ সলনি কৰি দিল্লীৰ পৰিৱর্তে কলকাতা হৈ স্বদেশলৈ উৰা মৰাৰ ইচ্ছা ব্যক্ত কৰিছে৷ এই অনুসৰি বি চি চি আয়ে কাইলৈ দলটোক কলকাতালৈ লৈ আহিব আৰু অহা ১৭ মার্চত খেলুৱৈসকলক কলকাতাৰ পৰা ডুবাই হৈ জোহান্সবার্গলৈ প্রেৰণৰ ব্যৱস্থা কৰিছে৷
‘দক্ষিণ আফ্রিকান দলটোৱে কলকাতাক ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত চহৰ হিচাপে গণ্য কৰিছে৷ আৰু ইয়াৰ পৰা স্বদেশলৈ উভতিব বিচাৰিছে৷ এই অনুসৰি তেওঁলোকে কাইলৈ পুৱা কলকাতাত উপস্থিত হ’ব আৰু মঙলবাৰে পুৱা ইয়াৰ পৰা ডুবাই হৈ জোহান্সবার্গলৈ উৰা মাৰিব৷’ বংগ ক্রিকেট সন্থাৰ সভাপতি অভিষেক ডালমিয়াই আজি এইদৰে কয়৷ উল্লেখ্য যে ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া প্রথমখন এদিনীয়া বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ এদিন পিছত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ খেলুৱৈসকল দ্বিতীয় এদিনীয়াৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছিল৷ কিন্তু এই সময়তে বি চি চি আয়ে ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে শৃংখলাৰ পৰৱর্তী দুয়োখন মেচ বাতিল কৰে৷ ইয়াৰ পিছতে ভাৰতীয় দলৰ খেলুৱৈসকলে নিজ নিজ গৃহচহৰলৈ ৰাওনা হয় যদিও দক্ষিণ আফ্রিকা দলটো লক্ষ্ণৌত আবদ্ধ হৈ থাকে৷