উদ্দেশ্য জন্মদিনৰ পাৰ্টী, পিছে বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল ডেইজীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যত পুনৰ মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ৷ মৃত যুৱতীগৰাকী গুৱাহাটীৰ দিলীপ মহন্তৰ জীয়াৰী ডেইজী মহন্ত (২৫)৷ জানিব পৰা মতে, ডেৰাডুনত বহুদিন ধৰি কর্মসূত্রে যুৱতীগৰাকী আছিল৷ তেওঁৰ সৈতে কনিষ্ঠ ভনীয়েকো একেলগে ডেৰাডুনত থাকে৷ শেহতীয়াকৈ যোৱা ১৮ ফেব্রুৱাৰীৰ মাজনিশা প্রায় ২.৩০ বজাত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে খবৰ লাভ কৰাৰ পাছতে সৃষ্টি হয় চাঞ্চল্য৷ জানিব পৰা মতে, সেইদিনা নিশা ডেৰাডুনৰ পৰা দিল্লীলৈ জন্মদিনৰ পার্টী উদ্যাপন কৰাৰ অর্থে যুৱতীগৰাকীয়ে প্রেমিক ৰোহিত ডুবেৰ সৈতে গৈছিল৷ কিন্তু নিশা অনাকাংক্ষিতভাৱে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে খবৰ লাভ কৰাৰ পাছতে হুৱাদুৱাৰ সৃষ্টি হয়৷ ডেৰাডুনত কর্মসূত্রে থকা ডেইজী মহন্তৰ মৃত্যুৰ বিষয়টো পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱর্তী সময়ত দুর্ঘটনাজনিত কাৰণতহে যুৱতীগৰাকীৰ মৃত্যু হ’ল বুলি পৰিয়ালবর্গই স্পষ্ট কৰিছে৷ পৰিয়ালৰ লোকে সদৰী কৰা মতে ঘটনাটোৰ দিনা নিশা প্রেমিক ৰোহিত ডুবেই ডেইজী মহন্তক জন্মদিনৰ পার্টীলৈ লৈ গৈছিল৷ বাইকৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে যুৱতীগৰাকীয়ে মৃত্যুক সাবটিব লগা হৈছিল বুলি প্রেমিক ৰোহিত ডুবেই পৰিয়ালবর্গক সদৰী কৰিছিল৷ মৃত ডেইজীৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে৷ গতিকে প্রথম অৱস্থাত পৰিয়ালে পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰি সমগ্র ঘটনাটো আনদিশে নিয়াৰ চেষ্টা চলোৱাৰ সন্দেহ কৰিছিল৷ এই সন্দর্ভত উপযুক্ত তদন্ত বিচাৰি ডেইজী মহন্তৰ পৰিয়ালে খেৰকি ডাউলা ছেক্টৰ ৮৩ গুৰগ্রাম থানাত এখন এজাহাৰ দাখিল কৰে৷ পৰৱর্তী পর্যায়ত দুর্ঘটনাজনিত কাৰণতে যুৱতীগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালবর্গই অৱগত হয়৷ যুৱতীগৰাকীয়ে ডেৰাডুনত বায়ো–টকন’ল’জী বিষয়ত অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ দুর্ভগীয়া যুৱতীগৰাকীৰ মৃতদেহ গুৱাহাটীলৈ অনা হয়৷ উল্লেখ্য যে মুকালমুৱা আদাবাৰীৰ সূতাৰকুছিত প্রকৃত ঘৰ ডেইজী মহন্তৰ পিতৃ দিলীপ মহন্তৰ৷