নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলঙত তিনি ট্রাক অবৈধ কুণ্ডা জব্দ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৬ মার্চঃ কার্বি আংলঙৰ পাৰকুপ পাহাৰত বন বিভাগে অভিযান চলাই এখন ক্রেঙৰ লগতে ৩খনকৈ অবৈধ কুণ্ডাভর্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ কার্বি আংলং বন বিভাগত নতুনকৈ যোগদান কৰা প্রধান মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ নেতৃত্বত বন বিভাগৰ দলটোৱে দুর্গম পাৰকুপ পাহাৰৰ কালিভেটীত জব্দ কৰে চোৰাং কুণ্ডাভর্তি ট্ৰাককেইখন ৷ জব্দ কৰা ট্ৰাককেইখনৰ পৰা সৰু–বৰ ৩৫৪টাকৈ চোৰাং কুণ্ডা উদ্ধাৰ কৰা হয় ৷ কুণ্ডাসমূহ মূল্যৱান গমাৰী, তিতাচপা, মাকৈশাল আৰু হাতীপইলা গছৰ ৷ বন বিভাগৰ দলটোৱে চালকসহ ৫জনকৈ লোকক গ্রেপ্তাৰ কৰি দেওবাৰে আদালতত হাজিৰ কৰায় ৷ জব্দ কৰা ক্রেং আৰু ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্রমে– এ এছ ০৩ এফ –০৫১২, এ এছ ০২ ই – ১৩৩৩, এ এছ ০৯ এ চি ৪৬৫২ আৰু এ এছ ০১ জে ০৩৩৭ ৷ উল্লেখ্য যে শনিবাৰে দিনৰে পৰা এই অভিযান চলিছিল যদিও দুর্গম অঞ্চল হোৱাহেতুকে দেওবাৰেহে অভিযানকাৰী দলটো বকলীয়াঘাটত উপস্থিত হয় ৷

You might also like