নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য কৃত্রিম বান নিয়ন্ত্রণ ছার্ভে–হাতীগাঁৱত নলা নিষ্কাশন

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ সমাগত বাৰিষাত মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে নলা নিষ্কাশনৰ কাম আৰম্ভ কৰিছে৷ দেওবাৰে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বেলতলা অঞ্চলৰ ছার্ভেৰ পৰা হাতীগাঁৱলৈ যোৱা এক উপপথৰ কাষৰ নলা নিষ্কাশনৰ কাম আৰম্ভ কৰে৷ পৌৰ নিগমৰ কর্মচাৰীসকলে পুৱাৰে পৰা নলাত নামি কোৰ আৰু বাল্টিৰে নলাৰ আৱর্জনা নিষ্কাশন কৰে৷ ইপিনে পৌৰ নিগমৰ কর্মচাৰীয়ে অত্যাধুনিক যন্ত্র–পাতি অবিহনে নলা নিষ্কাশন কৰাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে মহানগৰ উন্নয়ন সমিতিয়ে৷ মহানগৰ উন্নয়ন সমিতিৰ সম্পাদক ধীৰেন শর্মাই কয় যে গেলা আৱর্জনাৰে ভৰি পৰা নলাসমূহ পৌৰ নিগমৰ কর্মচাৰীৰ জৰিয়তে বিভাগীয় কর্তৃপক্ষই নিষ্কাশন কৰিবলৈ দিয়া কার্য গৰিহণাৰ যোগ্য৷ সমান কামৰ বাবে শ্রমিকসকলে সমান মজুৰি নোপোৱা বুলি উদ্বেগ প্রকাশ কৰি কর্মচাৰীসকলৰ চাকৰি শীঘ্রে নিয়মীয়া কৰাৰ লগতে পেন্সন আৰু চিকিৎসা সেৱাৰ উপৰি তেওঁলোকৰ ল’ৰা–ছোৱালীৰ শিক্ষাৰ দায়িত্ব ল’বলৈ পৌৰ নিগমক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে৷

You might also like