কুমাৰপাৰাত ক’ৰোনা ভাইৰাছৰ সজাগতা সভা
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে দেওবাৰে কুমাৰপাৰা পাঁচআলিত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ জাতীয় দিৱস উদ্যাপন মঞ্চৰ উদ্যোগত আৰু জয় হিন্দ ক্লাবৰ বাকৰিত অনুষ্ঠিত এই সজাগতা সভাত ক’ৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ কেনে ধৰণে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিব লাগিব সেই সন্দর্ভত কেইবাগৰাকীও চিকিৎসকে বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ লগতে কুমাৰপাৰা পাঁচআলিত ৰাইজৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি হাতধোৱা পানী, ছেনিটাইজাৰ আদিৰো সু–ব্যৱস্থা কৰা হয়৷ কুমাৰপাৰা অঞ্চলত এই সুবিধা অহা ১৫ দিনৰ বাবে বাহাল থাকিব বুলি জাতীয় দিৱস উদ্যাপন মঞ্চৰ সম্পাদিকা বিজু ভৰালীয়ে জানিবলৈ দিছে৷ জ্যেষ্ঠ অধিবক্তা সত্যেন শর্মাই আঁত ধৰা এই সজাগতা সভাত ডাঃ গকুল দাস, আই চি এম আৰৰ ডাঃ শুভিতা চৌধুৰী, জাতীয় দিৱস উদ্যাপন মঞ্চৰ সভাপতি আলতাফ মির্জা, সম্পাদিকা তামান্না চৌধুৰীকে ধৰি অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে৷