ক’ৰোনাত সংক্রমিত হোৱা নাই মার্কিন ৰাষ্ট্রপতি
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ক’ৰোনাৰ পৰা সংক্রমিত হোৱা নাই৷ বিশ্বৰ পৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ হোৱাইট হাউছৰ চিকিৎসক ছীন ক’নলীয়ে এক বিবৃতিত সদৰী কৰিছে এই তথ্য৷ ক’নলীয়ে উল্লেখ কৰা অনুসৰি ৰাষ্ট্রপতিগৰাকী যে ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱা নাই সেয়া স্বাস্থ্য পৰীক্ষাত নিশ্চিত হৈছে৷ উল্লেখনীয় যে ব্রাজিলিয়ান এক প্রতিনিধিৰ সৈতে কিছুদিন পূর্বে ফ্ল’ৰিডাৰ এক পর্যটন ক্ষেত্রত গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছিল ট্রাম্প৷ এই বৈঠকত মিলিত হোৱাৰ পিছতে কেইবাগৰাকীও নেতা ক’ৰোনাৰ দ্বাৰা সংক্রমিত হৈছিল৷ তেতিয়াই ট্রাম্পৰ স্বাস্থ্য পৰীক্ষাৰ দাবী উত্থাপন হৈছিল হোৱাইট হাউছত৷ ইফালে, ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সমর্থনৰ বাবেই কালি আমেৰিকাত ফেমিলিছ ফার্ষ্ট ক’ৰোনা ভাইৰাছ ক’ৰোনা ভাইৰাছ ৰেছপনছ এক্ট গৃহীত হোৱা বুলি ট্রাম্পৰ দুহিতা ইভানকাই ঘোষণা কৰিছে৷ নতুন এই আইনে আমেৰিকাক ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত বিভিন্ন ধৰণে সহায় কৰিব বুলিও ইভানকা ট্রাম্পে সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে মার্কিন কর্মীসকলে বিনামূলীয়াকৈ ক’ৰোনাৰ চিকিৎসা পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব এই আইনৰ জড়িয়তে৷ কোনো কর্মী ক’ৰোনাত আক্রান্ত হ’লে কামত অনুপস্থিত থাকিলেও মজুৰি লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ উপৰি ক্ষুদ্র ব্যৱসায়ীসকলক এই আইনে বিশেষভাৱে উপকৃত কৰিব বুলি ইভানকা ট্রাম্পে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে আজিৰ দিনটোত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত আমেৰিকানসকলৰ আশু আৰোগ্য কামনা কৰি ট্রাম্পে ৰাষ্ট্রীয় প্রার্থনা দিৱস ঘোষণা কৰিছে৷ ক’ৰোনাৰ এই সংহাৰী ৰূপৰ বাবে আমেৰিকাই এছিয়াৰ বৃহৎ শক্তি চীনক জগৰীয়া কৰি আহিছে৷