নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (PM- KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৯নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে। বিহাৰৰ ভগালপুৰৰ পৰা “Live Webcast” (লাইভ ৱেবকাষ্ট) প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১০ কোটি হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ ২২.৫ হাজাৰ কোটিৰো অধিক টকা ডি বি টি মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে। সেই উপলক্ষে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কৃষি সামগ্ৰীৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। প্ৰদৰ্শনীত কামৰূপ জিলাৰ বহু কেইটা কৃষক উৎপাদক কোম্পানী, আত্ম সহায়ক গোটৰ লগতে প্ৰগতিশীল কৃষকে নিজ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী প্ৰতি গৰাকী কৃষকৰ লগত কালিৰ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ লগতে জিলা আয়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তয়ো ভাব-বিনিময় কৰে। কৃষকসকলক কৃষি কৰ্ম কৰি যাবলৈ উৎসাহিত কৰি মাননীয় সাংসদ দিলীপ শইকীয়াই তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে যদি সম্ভৱ জিলা আয়ুক্তৰ কাৰ্যালয়তে বিপণনৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তক অনুৰোধ জনায়। প্ৰদৰ্শনীখনত কামৰূপ জিলাৰ ৰামদিয়াৰ পৰা মনোজ কলিতাই তৰমুজ, হাজোৰ পৰা পঞ্চতীৰ্থ হানি-বি এপিয়াৰি (Panchatirtha Honey Bee Apiary)য়ে মৌ, আমিনগাঁৱৰ হেপ্পীচান ফুডচ প্ৰদাক্সন লিমিটেড (Happysun Foods Pvt. Ltd.) এ মিলেটৰে উৎপাদিত বিস্কুট, ভুজিয়া, লাডু, পোলাও, পায়সকে ধৰি বিভিন্ন সামগ্ৰী, মেৰঘৰ মহিলা কৃষক উৎপাদক কোম্পানীয়ে আৰু ৰঙিয়াৰ উত্তৰণ কৃষক উৎপাদক কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত বিভিন্ন চাউল, চফিকুৰ ৰহমানে ষ্ট্ৰ’বেৰী, মাছৰুম ডেভেলপমেন্ট ফাউণ্ডেছনে কাঠফুলাৰ বিভিন্ন খাদ্য সামগ্ৰী ইত্যাদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে। উল্লেখ্য যে কামৰূপ জিলাৰ ১,১০,৫৭৭ গৰাকী যোগ্য হিতাধীকাৰীয়ে “প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি”ৰ ১৯ নং কিস্তি লাভ কৰা যোগ্য হিতাধীকাৰীৰ একাউণ্টলৈ এই Live webcast অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে DBT মাধ্যমৰ দ্বাৰা কিস্তিৰ ধন হস্তান্তৰ কৰে।