পাক দলৰ ব্যর্থতাত হতাশ পিচিবিৰ বিষয়ববীয়া
নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ পিছত চিৰপ্রতিদ্বন্দ্বী টীম ইণ্ডিয়াৰ হাততো ধৰাশায়ী৷ চেম্পিয়নছ ট্রফীত মহম্মদ ৰিজৱান নেতৃত্বাধীন পাকিস্তান দলৰ প্রদর্শনত হতাশ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ বিষয়াসকল৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন শেষ হ’লেই অন্তর্ৱর্তীকালীন প্রশিক্ষক আকিব জাভেদকে ধৰি ৰাষ্ট্রীয় দলৰ সকলো প্রশিক্ষকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে পিচিবিয়ে৷ আইচিচিৰ প্রতিযোগিতাত ধাৰাবাহিকভাৱে ব্যর্থতাৰ বাবে পিচিবিয়ে একাধিক স্প’নছৰাৰ হেৰুওৱাৰ সম্ভাৱনা আছে৷ ৰাষ্ট্রীয় দলৰ প্রশিক্ষকক আৰু বিশ্বাস কৰিব বিচৰা নাই পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে৷ ৰাষ্ট্রীয় নির্বাচকসকলৰ কামতো তেওঁ সুখী নহয়৷ নাকভিয়ে এই বিষয়ত ব’ৰ্ড অৱ গভর্নৰৰ সৈতে আলোচনা কৰিব বুলি এটা সংবাদ প্রতিষ্ঠানক সদৰী কৰে৷ পিচিবিৰ এজন বিষয়াই কয় যে চেম্পিয়নছ ট্ৰফীত আমাৰ দলৰ প্রদর্শন অতি হতাশাজনক৷ বর্তমানৰ কোনো প্রশিক্ষক, কর্মচাৰীক আৰু দায়িত্বত ৰখা নহ’ব৷ ৰঙা বল আৰু বগা বল ক্রিকেটৰ বাবে পৃথক প্রশিক্ষক নিযুক্তি দিয়া হ’বনে নহয় সেয়া সিদ্ধান্ত লোৱা হোৱা নাই পিচিবিৰ কেইবাজনো বিষয়াই এতিয়া বিদেশী প্রশিক্ষকৰ প্রতি আগ্রহী নহয়৷ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ পৰৱর্তী প্রশিক্ষকক হয়তো প্রাক্তন পাকিস্তানী ক্রিকেটাৰৰ মাজৰ পৰা বাছনি কৰা হ’ব৷ পিচিবিৰ সৈতে জড়িত বাণিজ্যিক প্রতিষ্ঠানসমূহো বৃহৎ প্রতিযোগিতাসমূহত পাক দলৰ ধাৰাবাহিক বিফলতাৰ বাবে হতাশ হৈ পৰিছে৷ স্প’নছৰাৰ হেৰুওৱাৰ শংকাত ভুগিছে পিচিবিৰ বিষয়াসকল৷ বিষয়াগৰাকীয়ে কয়– ‘২৯ বছৰ পিছত আমি এখন বৃহৎ প্রতিযোগিতাৰ আয়োজন কৰিছোঁ৷ কিন্তু প্রতিযোগিতা আৰম্ভ হোৱাৰ কেইদিনমানৰ ভিতৰতে আমি বিদায় মাগিবলগীয়া হয়৷ নকআডট পর্যায়ৰ টিকটৰ বিক্রী আশা কৰা ধৰণে নহ’বও পাৰে৷ আমি যদি খেলিব নোৱাৰোঁ তেন্তে ইয়াৰ প্রভাৱ পৰিব৷’ পাকিস্তানৰ বিজ্ঞাপন বিশেষজ্ঞ এগৰাকীয়ে কয় যে পিচিবিৰ বিষয়াসকলৰ আশংকা কোনো ভিত্তিহীন নহয়৷ যদি কোনো দল বাৰে বাৰে বিফল হয় তেন্তে মানুহৰ আগ্রহ কমি যোৱাটো নিশ্চিত৷ দলৰ ব্রেণ্ড মূল্য হ্রাস পায়৷ ইয়াৰ প্রভাৱে বাণিজ্যিক কোম্পানীসমূহৰ স্বার্থত প্রত্যক্ষভাৱে প্রভাৱ পেলায়৷ ফলত, তেওঁলোকে নতুন বিনিয়োগৰ প্রতি আগ্রহী নহয়, তেওঁ লগতে কয় – ‘পাকিস্তানত ক্রিকেটৰ টিকট বিক্রী কৰাটো আগৰ দৰে সহজ নহয়৷ যদি প্রদর্শন ভাল নহয়, তেন্তে অনুৰাগী, স্প’নছৰাৰ, অন্যান্য বিজ্ঞাপন দাতা আৰু সম্প্রচাৰ কোম্পানী সকলোৱে আগ্রহ হেৰুৱাই পেলায়৷ পাকিস্তান ক্রিকেটতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চেম্পিয়নছ ট্ৰফীৰ প্রতি আগ্রহ আছিল৷ কিন্তু এনে ফলাফলৰ পিছত ক্রিকেটত বিনিয়োগ কৰিবলৈ মানুহক আগ্রহী কৰাটো কঠিন৷ বাণিজ্যিক কোম্পানীয়ে মনোৰঞ্জন জগত বা আন খেলত বিনিয়োগ কৰিব বিচাৰিব৷ য’ত অধিক প্রচাৰ পোৱাৰ সম্ভাৱনা আছে তাত তেওঁলোকে অধিক বিনিয়োগ কৰাটো স্বাভাৱিক৷’