সন্ত্রাসবাদীৰ ঘাটিৰ পৰা মুক্ত দুই বিদেশী পর্যটকৰ
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত ২০১৮ত অপহূত এগৰাকী কানাডিয়ান মহিলা আৰু তেওঁৰ ইটালিয়ান পুৰুষ সহযোগী এজনক সন্ত্রাসবাদীয়ে অপহৰণ কৰিছিল৷ শেহতীয়াকৈ অপহৰণকাৰীৰ হাতৰ পৰা পলায়ন কৰিছে এডিথ ব্লেইছ আৰু লুকা টাচেট্ট’ নামৰ এই দুই বিদেশী পর্যটকে৷ ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বাহিনীয়ে দুয়োগৰাকীকে প্রতিৱেশী মালিৰ ৰাজধানী বামাকোলৈ প্রেৰণ কৰিছে৷ ৰাষ্ট্রসংঘৰ বাহিনীয়ে দুয়োগৰাকীকে অভিনন্দন জ্ঞাপন কৰিছে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে কৰমর্দন কৰাৰ পৰিৱর্তে হাতযোৰ কৰি ৰাষ্ট্রসংঘৰ বাহিনীৰ জোৱানে দুয়োগৰাকীকে অভিনন্দন জ্ঞাপন কৰা আলোকচিত্র ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ লক্ষণীয়ভাৱে এই বিদেশী পর্যটক দুগৰাকীক অপহৰণৰ দায়িত্ব কোনো জেহাদী সংগঠনে স্বীকাৰ কৰা নাই৷ ইফালে, কানাডাৰ বিদেশমন্ত্রী ফ্রেংক’ইছ–ফিলিপ চেম্পেনে এক বিবৃতিত উল্লেখ কৰিছে যে অপহৰণকাৰীৰ হাতৰ পৰা এই দম্পতী মুক্ত হোৱাৰ পিছত কানাডাই সকাহ পোৱা বুলি অনুভৱ কৰিছে৷এইক্ষেত্রত বুর্কিনা ফাছো আৰু মালি চৰকাৰক ধন্যবাদো জ্ঞাপন কৰিছে বিদেশমন্ত্রী গৰাকীয়ে৷ সমান্তৰালভাৱে মালিত থকা ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীকো প্রশংসা কৰিছে বিদেশমন্ত্রী চেম্পেনে৷ উল্লেখনীয় যে স্থানীয় টুৱাৰেগ জনসাধাৰণে পৰিধান কৰা বস্ত্রৰ সৈতে দুয়োগৰাকী পর্যটকে সন্ত্রাসবাদীৰ ঘাটিৰ পৰা পলায়ন কৰিছে৷