অর্কিডৰ আঁৰৰ কথা
- কুলধৰ বর্মন
অপৰূপ সৌন্দর্যৰ আকৰ হ’ল অর্কিড৷ বনৰীয়া ফুল কপৌফুলো এবিধ অর্কিডেই৷ অর্কিডৰ লগত একোখন ৰাষ্ট্রৰ সাহিত্য আৰু সংস্কৃতিৰ সম্বন্ধটো অতি প্রাচীন৷ আমাৰ অসমতো কপৌ ফুলে জাতীয় সত্ত্বাত এক সুকীয়া স্থান লাভ কৰিছে৷ অর্কিড এশ বছৰৰো অধিক কাল জীয়াই থাকিব পাৰে৷ এই নামটো গ্রীক শব্দORCHISৰ পৰা আহিছে যাৰ অর্থTESTICLE৷ উদ্ভিদ বিজ্ঞানৰ জনক থিওফ্রেষ্টাছে (খ্রীষ্টপূর্ব ৩৭২–২৮৭) এই নামকৰণ কৰে৷ এই অর্কিডবোৰৰ বিভিন্ন জাতৰ ফুল এতিয়াও বিশ্বজুৰি (অতি গৰম বা শীতল ঠাইৰ বাহিৰে) উপলব্ধ৷ তদুপৰি ইয়াৰে প্রায় ২৫,০০০তকৈও অধিক সংখ্যক বৈজ্ঞানিকভাৱে স্বীকৃতিপ্রাপ্ত৷ আশ্চর্যকৰ বিষয় এইটো যে অর্কিডসম্বন্ধীয় বহু আমোদজনক তথ্য বা খবৰ এতিয়াও বিস্তৃতভাৱে জনা নাযায়৷ বিজ্ঞানীসকলে দিনে দিনে নতুন নতুন প্রজাতিৰ অর্কিড উদ্ভাৱনৰ চেষ্টা কৰি আছে৷ অর্কিডসম্বন্ধীয় কেইটামান আমোদজনক কথা আপোনালোকলৈ আগবঢ়ালোঁ–
১৷ অর্কিডৰ আকাৰ ইয়াৰ প্রজাতিৰ ওপৰত নির্ভৰশীল, যি কেতিয়াবা এটি সৰু মুদ্রাৰ সমান ৰূপ লোৱাৰ বিপৰীতে কেতিয়াবা বিশদ আকাৰৰ হ’ব পাৰে৷ গ্রামাটোফিলিয়াম অর্কিড হৈছে এক মজলীয়া আকৃতিৰ পৰা সুবৃহৎ আকৃতিৰ অর্কিড, ইয়াৰে ভিতৰত জ্যাণ্ট অর্কিড হৈছে বর্তমানলৈ চিনাক্ত হোৱা প্রজাতিবোৰৰ ভিতৰত সর্ববৃহৎ আৰু ইয়াৰ বিপৰীতে প্যাটিষ্টেল অর্কিড হৈছে আটাইতকৈ ক্ষুদ্র প্রজাতিৰ, যাৰ দৈর্ঘ্য মাত্র ২ মিলিমিটাৰহে হয়৷
২৷ প্রতিটো অর্কিড ফুল সদৃশ–সমান্তৰ, যাক দুটা সমান ভাগত ভগাব পাৰি৷
৩৷ পাতবিলাকৰ গঠন, আকৃতি আৰু আকাৰ পৰিৱেশৰ ওপৰত নির্ভৰশীল৷ শুকান পৰিৱেশত ইয়াৰ পাতবিলাক ডাঠ আঠাযুক্ত হোৱাৰ বিপৰীতে উষ্ণ পৰিৱেশত ইয়াৰ পাতবিলাক সৰু আৰু দীঘলীয়া হয়৷
৪৷ সচৰাচৰ অর্কিডৰ শিপা নাথাকে, ইহঁতৰ ৰাইজম, নলী আৰু বায়বীয় শিপা থাকে৷
৫৷ অর্কিডবোৰ ভূমিত কাঠযুক্ত উদ্ভিদত সংলগ্ণ হৈ থাকে বা মাটিৰ তলতো জীয়াই থাকিব পাৰে ৷
৬৷ বিশেষ প্রজাতিৰ কিছুমান অর্কিড পৰজীৱী, ইহঁতে সূর্যৰ পোহৰ আৰু কার্বন–ডাই–ক্সাইডৰ্ সহায়ত খাদ্য প্রস্তুত কৰিবলৈ সক্ষম নহয়৷ ইয়াৰ পৰিৱর্তে ইহঁতে ভিতৰত থকা ভেকুৰৰ পৰা খাদ্য সংগ্রহ কৰে৷
৭৷ অর্কিড আৰু পৰুৱাৰ মাজৰ সম্পর্কটো শক্তিশালী আৰু উচ্চ বিশেষত্বৰ৷ বংশবৃদ্ধি কৰাৰ কাৰণে মাইকী পৰুৱা সদৃশ একে ৰং আৰু আকৃতিযুক্ত পাতবোৰে বংশবৃদ্ধিৰ বাবে মতাবোৰক আকর্ষণ কৰে ৷
৮৷ বংশবৃদ্ধিৰ উচ্চ বিশেষীকৰণৰ কাৰণে অর্কিডবোৰ নাইকিয়া হ’ব পাৰে ৷
৯৷ অর্কিড ফুলবোৰ সিহঁতৰ প্রজাতিৰ ওপৰত নির্ভৰ কৰি কেইঘণ্টামানৰ পৰা ছমাহ পর্যন্ত জীয়াই থাকিব পাৰে ৷
১০৷ অর্কিডে বহু নিযুত ক্ষুদ্রাকৃতিৰ বীজ উৎপাদন কৰিব পাৰে যদিও ইয়াৰে কিছু সংখ্যকেহে উদ্ভিদলৈ বিকাশ লাভ কৰে৷
অর্থনৈতিক দিশৰ পৰাও অর্কিডৰ যথেষ্ট গুৰুত্ব আছে৷ অর্কিডক লৈ বিভিন্ন ঠাইত অর্কিড উদ্যান গঢ়ি উঠিছে৷ অসমৰ কাজিৰঙাতো কৃষক নেতা অখিল গগৈৰ নেতৃত্বত এখন বিশাল অর্কিড উদ্যান গঢ়ি উঠিছে৷ য’ত প্রতিবছৰে দেশ–বিদেশৰ পর্যটকৰ লগতে অসমৰ মানুহে এই উদ্যান দর্শন কৰে৷ ভেনিলা হৈছে অর্কিডৰ পৰা উৎপাদিত একমাত্র বাণিজ্যিক গুৰুত্ব থকা খাদ্য সামগ্রী৷ অর্কিডক পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্রত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সুগন্ধি প্রস্তুত কৰাতো অর্কিড ব্যৱহাৰ কৰা হয় ৷ সেয়েহে অর্থনৈতিক গুৰুত্ব থকা এই অর্কিডক স্বাৱলম্বনৰ পথ হিচাপেও গ্রহণ কৰিব পাৰি৷ অর্কিড প্রকৃতিৰ এক অমূল্য দান৷ সৌন্দর্য তথা জৈৱ–বৈচিত্র্য অটুট ৰাখিবলৈ অর্কিডৰ গুৰুত্ব অপৰিসীম৷ প্রতিজন ব্যক্তিৰ মন–মগজুৱে ইয়াৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিলে নিশ্চয় প্রকৃতিৰ বুকুত সৌন্দর্যই স্থায়িত্ব লাভ কৰিব৷