ক’ৰোনা ভাইৰাছ আৰু জলবায়ু শংকা
- দীপক কুমাৰ দাস
ঘাতক ক’ৰোনা ভাইৰাছে (ক’ভিড–১৯) মহামাৰী ৰূপ লোৱাত আন্তর্জাতিক অর্থনৈতিক ক্ষেত্রখনত নেতিবাচক প্রভাৱ পৰিছে৷ মানৱ স্বাস্থ্যৰ বাবে ভয়াৱহতা বৃদ্ধি পাইছে৷ এই ক’ভিড–১৯ৰ লগত জলবায়ুৰ সম্পর্কও আছে৷ প্রাৰম্ভিক পর্যায়ত ক’ৰোনা ভাইৰাছৰ প্রকোপৰ বাবেই গোলকীয় কার্বন নির্গমন হ্রাস পাব৷ চলিত বর্ষত গোলকীয় পর্যায়ত কার্বন নির্গমন হ্রাস পোৱাটো ক্ষণিক ইতিবাচক কিয়নো কার্বন নির্গমন হ্রাস কৰাটো আন্তর্জাতিক মঞ্চত এক গভীৰ বিষয়৷ কিছু সময়ৰ কাৰণে কার্বন নির্গমন হ্রাস পালেও দীর্ঘদিনীয়া জলবায়ু আচৰণ কিম্বা কার্যৰ বাবে ভাবুকি আনিব৷ আন্তর্জাতিক শক্তি প্রহৰী সংস্থা ইণ্টাৰনেচনেল এনার্জী এজেন্সীয়ে (আই ই এ) শংকা কৰা মতে চলিত বর্ষৰ ক’ৰোনা ভাইৰাছৰ সংহাৰৰ বাবে কার্বন নির্গমন হ্রাস পালেও জলবায়ু ক্রিয়াত ব্যাঘাত জন্মাব৷ পৰিচ্ছন্ন শক্তি (ক্লীন এনার্জী)ত বিনিয়োগ নিম্নগামী হোৱাৰ ফলশ্রুতিয়েই জলবায়ুলৈ অশনি সংকেত আনিব৷ ক’ভিড–১৯ৰ বাবে জীৱাশ্ম ইন্ধন ব্যৱহূত উদ্যোগ–কল–কাৰখান আদিত প্রভাৱ পৰাত কার্বন নির্গমন হ্রাস পাইছে৷ ক’ভিড–১৯ৰ কাৰণে আন্তর্জাতিক অর্থনীতিত প্রচণ্ড প্রভাৱ পৰাত বিশ্বজুৰি তেলৰ চাহিদাৰ হাৰ নিম্নগামী হৈছে আৰু ই কিছুদিন চলি থাকিব৷ বিশ্বৰ অর্থনীতিত মন্দাৱস্থা আৰু বিগত ৩০ বছৰৰ ভিতৰত তেলৰ মূল্য হ্রাস পাইছে৷ যাৰ বাবে বিশ্বৰ বৃহত্তম শক্তি কোম্পানীসমূহে কোটি কোটি মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছে৷ এনে আর্থিক কাৰণত পৰিচ্ছন্ন শক্তি প্রকল্পৰ নির্মাণ স্তব্ধ হৈছে৷ বহু কোটি মার্কিন ডলাৰৰ আন্তঃগাঁথনি প্রকল্পৰ নির্মাণ বন্ধ ৰাখিবলগীয়া হৈছে৷ পৰিস্থিতিয়ে এনে হোৱাৰ শংকা ঘনীভূত হৈছে যে ১৯৮০ চনৰ পাছত প্রথমবাৰৰ বাবে বিশ্বৰ সৌৰশক্তিৰ বিকাশৰ হাৰ অস্বাভাৱিক নিম্নগামী হ’ব৷ ব্লুমবার্গ নিউ এনার্জী ফাইনেন্সৰ মতে যোৱা ১২ মার্চলৈকে নতুন সৌৰশক্তি প্রকল্প ৮ শতাংশলৈ নিম্নগামী হৈছে৷ বিশ্বজুৰি পৰিচ্ছন্ন শক্তিৰ উৎস সৌৰশক্তিৰ প্রকল্পত পৰা এই প্রভাৱ অত্যন্ত উদ্বেগজনক৷ তদুপৰি বৈদ্যুতিক বাহনৰ বিক্রীতো নেতিবাচক প্রভাৱ পৰিছে৷ আই ই এৰ তথ্য মতে, বিশ্বৰ পৰিচ্ছন্ন শক্তিত বিনিয়োগৰ ৭০ শতাংশ চৰকাৰৰ৷ চৰকাৰে এই বিনিয়োগ প্রত্যক্ষ ৰূপত কিম্বা নীতিৰ ৰূপায়ণেৰে ৰাজসাহার্য দি অথবা কৰ ৰেহাই দি ব্যক্তিগত কোম্পানীৰ দ্বাৰা বিনিয়োগ কৰায়৷ আন্তর্জাতিক সংস্থাটোৰ মতে প্রতিবছৰে চৰকাৰে জীৱাশ্ম ইন্ধনৰ বাবে ৰাজসাহায্য দিয়ে ৪০০ বিলিয়ন মার্কিন ডলাৰ৷ আই ই এৰ কার্যবাহী সঞ্চালক ফাটিহ বিৰ’লৰ সকীয়নি মতে চৰকাৰে সেউজ বিনিয়োগ কৰাৰ ক্ষেত্রত অনীহা প্রকাশ কৰিলে বিশ্বৰ পৰিচ্ছন্ন শক্তিৰ পৰিবাহ নিম্নগামী হৈ পৰিব৷ ইয়ে জলবায়ুত প্রভাৱ পেলাব৷ গতিকে পৰিচ্ছন্ন শক্তিক লৈ আপোচ কৰি সংকটত অনুমতি দিয়া উচিত নহয়৷ তদুপৰি অর্থনৈতিক মন্দাৱস্থাৰ বাবে কার্বন নির্গমন হ্রাস হোৱাটোত উৎসাহিত হোৱাৰ কাৰণ নাই৷ সঠিক নীতি আৰু গাঁঠনিগত পদক্ষেপৰ অনুপস্থিতিয়ে নিম্নগামিতাক বর্তাই ৰাখিব নোৱাৰে৷ কার্যবাহী সঞ্চালক বিৰ’লৰ মতে, পৰিচ্ছন্ন শক্তি প্রযুক্তিত বিনিয়োগ নিম্নগামী হোৱাৰ পৰা উন্নীত কৰিবলৈ হ’লে ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাই দেশসমূহক সহায় কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব৷ প্রয়োজনত দেশসমূহক আর্থিক সাহায্যৰ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ উল্লেখ্য যে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰি পৰিচ্ছন্ন শক্তি (সৌৰ বিদ্যুৎ)ক প্রাধান্য দি দেশসমূহ আগবাঢ়ি গৈ থকাৰ সময়ত ক’ৰোনা ভাইৰাছৰ বাবে সৌৰশক্তিত বিনিয়োগ হ্রাস পোৱাটো উদ্বেগজনক বিষয়৷ সেয়েহে আই ই এয়ে এই সন্দর্ভত বিশ্বৰ দেশসমূহক সঠিক নীতি প্রস্তুত কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ নীতি নির্ধাৰণকাৰীসকলে গোলকীয় তেলৰ মূল্য বর্তাই ৰখা তথা জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য কর্তন কৰি সেয়া স্বাস্থ্যখণ্ড উজ্জীৱিত কৰাত ব্যয় কৰাত গুৰুত্ব দিব লাগে ৷