ক্লিণ্টনৰে যৌন সম্পর্কক লৈ মুখ খুলিলে মণিকাই
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ’৯০ৰ দশকত বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছিল আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্রপতি বিল ক্লিণ্টনৰ বিবাহ বহির্ভূত সম্পর্কক লৈ৷ হোৱাইট হাউছৰ কর্মী মণিকা লিউনস্কিৰ সৈতে ক্লিণ্টনৰ অভিসাৰৰ ঘটনাই বিশ্ব জোকাৰি গৈছিল৷ আন্তর্জাতিক মহলত লজ্জানত হ’বলগীয়া হৈছিল মার্কিন ৰাষ্ট্রপতিগৰাকী৷ পৰৱর্তী সময়ত দুটা কার্যকাল ক্ষমতাত থাকি ৰাষ্ট্রপতিৰ দায়িত্ব এৰিছিল ক্লিণ্টনে৷ অৱশ্যে আমেৰিকাৰ নীতি অনুসৰি দুটা কার্যকালেই ৰাষ্ট্রপতি হিচাপে থাকিব পাৰে এগৰাকী নেতাই৷ কিন্তু হোৱাইট হাউছত মণিকাৰ সৈতে হোৱা যৌন সম্পর্কৰ ঘটনাক লৈ বিল ক্লিণ্টন বাৰে বাৰে আমেৰিকাৰ ৰাজনীতিত চর্চালৈ আহিছিল৷ সেই সময়ত ২৪ বছৰীয়া সুন্দৰী মণিকাই ক্লিণ্টনৰ সৈতে যৌন সম্পর্কৰ ঘটনাক লৈ কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল৷ কিন্তু শেহতীয়াকৈ এক পডকাষ্ট চেনেলৰ সাক্ষাৎকাৰত ক্লিণ্টনৰ সৈতে থকা সম্পর্কৰ কথা উল্লেখ কৰিছে মণিকাই৷ বর্তমান ৫১ বছৰীয়া মণিকাই উল্লেখ কৰিছে যে বিল ক্লিণ্টনে সেই সময়ত ৰাষ্ট্রপতিৰ পদ ত্যাগ কৰা উচিত আছিল৷ ১৯৯৫ চনত হোৱাইট হাউছৰ শীর্ষ পদবীত আছিল ক্লিণ্টন৷ অ’ভেল অফিচত শিক্ষা বিষয়া হিচাপে যোগদান কৰিছিল মণিকাই৷ ২৪ বছৰীয়া মণিকা আৰু ৪৯ বছৰীয়া ক্লিণ্টনৰ মাজত বয়সৰ দিশৰ পৰা চাবলৈ গ’লে প্রেমৰ সম্পর্ক ঘটাৰ প্রশ্ণই নাহে৷ কিন্তু সুন্দৰী মণিকাৰ প্রতি আকর্ষিত হৈছিল ক্লিণ্টন৷ আনকি হোৱাইট হাউছৰ ভিতৰতে মণিকাৰ সৈতে যৌন সম্পর্ক গঢ়ি তুলিছিল তেতিয়াৰ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছত ক্লিণ্টনৰ সংসাৰলৈও নামি আহিছিল অশান্তি৷ এলেক্স কুপাৰৰ ‘কল হাৰ ড্যেডি’ নামৰ পদকাষ্ট চেনেলত মণিকাই উল্লেখ কৰিছে যে সেই সময়ত বিষয়টোক লৈ এনেদৰে চর্চা চলিছিল যে তেওঁ কোনো মন্তব্য কৰিব পৰা অৱস্থাত নাছিল৷ বিভিন্ন মহলৰ প্রচাৰে মণিকাক মৌন হৈ থাকিবলৈ বাধ্য কৰাইছিল৷ কিন্তু ক্লিণ্টন সন্দর্ভত সেই সময়ত কি ধাৰণা আছিল বুলি কুপাৰে কৰা প্রশ্ণত মণিকাই কয় যে হোৱাইট হাউছৰ শীর্ষ পদবী ত্যাগ কৰা উচিত আছিল ক্লিণ্টনে৷ কিন্তু ক্লিণ্টনে সেই কাম নকৰিলে৷ উল্লেখনীয় যে লণ্ডন স্কুল অৱ ইক’নমিকছৰ পৰা মনোস্তত্ব বিভাগত স্নাতকোত্তৰ ডিগ্রী লৈ হোৱাইট হাউছৰ শিক্ষা বিষয়া হিচাপে যোগদান কৰিছিল মণিকাই৷ বর্তমান ৫১ বছৰীয়া মণিকা এগৰাকী সমাজকর্মী৷