ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সংহতি শিবিৰত অসম দলৰ কৃতিত্ব
📌 অসমৰ লক্ষ্যজ্যোতি দত্তলৈ শ্ৰেষ্ঠ স্বেচ্ছাসেৱীৰ সন্মান
বিশেষ বাৰ্তা, ১ মাৰ্চঃ তামিলনাডুৰ কন্যাকুমাৰীস্থিত বিবেকানন্দ মহাবিদ্যালয়ত যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছৰ এই বৰ্ষৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰত অসমৰ হৈ অংশগ্ৰহণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত দলটোৱে কেইবাটাও প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । এন এছ এছৰ দক্ষিণ -পশ্চিম মণ্ডলৰ অধীনত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় সংহতি শিবিৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰমে চিনামৰা মহাবিদ্যালয়, তিতাবৰৰ ডায়েট, নকছাৰী মহাবিদ্যালয়, যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ১০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। উক্ত ৰাষ্ট্ৰীয় শিবিৰৰ উদ্বোধনী অনুষ্ঠানত কন্যাকুমাৰী নগৰৰ মেয়ৰ আৰ মহেশ, বিবেকানন্দ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° টি.এছ. জয়ন্তী, চেন্নাইস্থিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক কাৰ্য্যালয়ৰ সঞ্চালক ড° চেমুৱেল চালেইয়া, এম.এছ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক ড° ভেলিয়াপ্পান আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যোৱা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যক্ৰম বিষয়া সকলে অংশগ্ৰহণ কৰে । ভাৰতবৰ্ষৰ ১৯ খন ৰাজ্য আৰু ২১ টা দলে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় শিবিৰৰ প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠানত কেউখন ৰাজ্যৰ প্ৰদৰ্শনৰ ভিত্তিত অসমৰ বিহু দলটিয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে দ্বিতীয় দিনৰ আনুষ্ঠানিক মূল কাৰ্যসূচীত মুকলি কৰাৰ সুযোগ লাভ কৰে । সাতদিনীয়া এই ৰাষ্ট্ৰীয় শিবিৰৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অসমৰ দলটোৰ প্ৰদৰ্শনত দাক্ষিণাত্য তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ অংশগ্ৰহণ কাৰী সকল অভিভূত হৈ পৰে। আনহাতে, প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি অসমৰ দলটোৱে নিজ নিজ ৰাজ্যৰ দলীয় সাংস্কৃতিক প্ৰদৰ্শনৰ প্ৰতিযোগিতাত বিহু প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। তদুপৰিনদলীয় নৃত্য প্ৰতিযোগিতাত অসমে প্ৰথম স্থান পাবলৈ সক্ষম হয়। দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত কেউখন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰৰ পিছতেই অসমৰ দলটো দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় । উল্লেখযোগ্য যে শিবিৰৰ প্ৰত্যেক দিনৰ সমূহ কাৰ্যসূচীৰ অংশ গ্ৰহণৰ ভিত্তিত নিৰ্বাচন কৰা শ্ৰেষ্ঠ স্বেচ্ছাসেৱী সন্মান আজুৰি আনিবলৈ সক্ষম হয় অসম দলৰ সদস্য তথা তিতাবৰস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ প্ৰশিক্ষাৰ্থী লক্ষ্যজ্যোতি দত্তই। চিনামৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া পদ্মেশ্বৰ কাটনীৰ নেতৃত্বত যোৱা অসমৰ দলটোত চিনামৰা মহাবিদ্যালয়ৰ দৰ্শনা শইকীয়া, ৰাহুল ৰায়, সাগৰিকা চেতিয়া, তিতাবৰ ডায়েটৰ জয়শ্ৰী হাজৰিকা, বৰ্ণালী বৰঠাকুৰ আৰু লক্ষ্যজ্যোতি দত্ত, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ভাস্কৰ জ্যোতি বৰা, নকছাৰী মহাবিদ্যালয়ৰ সৌৰভ গগৈ আৰু চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ গকুল শইকীয়া আৰু চিত্ৰা কুৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠা অসম দলৰ এই কৃতিত্বৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দলটোৱে অসমৰ গৌৰৱ সমুদ্ৰৰ দেশত বিয়পাই দিয়াৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ চেন্নাই সঞ্চালক ড° চেমুৱেল চালেইয়া, গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চল ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক সঞ্চালক জেংজেলিয়ান আয়াৰ আৰু জ্যেষ্ঠ সমন্বয়ক নকুল চন্দ্ৰ দেউৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক ড° ডেভিদ কাৰ্দঙে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । সপ্তাহজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসমৰ দলটোৱে অসমৰ সত্ৰীয়া গীত-নৃত্যৰ লগতে জনগোষ্ঠীয় নৃত্য আৰু বিহু প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। সম্প্ৰতি অসম দলটো আজি অসম অভিমুখে প্ৰত্যাৱৰ্তন কৰিছে বুলি দলটিৰ নেতৃত্বত যোৱা অধ্যাপক পদ্মেশ্বৰ কাটনীয়ে জানিবলৈ দিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া