কেতিয়া বাস্তবায়িত হ’ব ৰীমা সুনীতা–কেতেকীহঁতৰ সূৰুযমুখী স্বপ্ন?
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ দেশৰ ৭১ বছৰীয়া স্বাৰাজোত্তৰ পৰিক্রমাত কেইবাটাও দলৰ চৰকাৰ আহিল আৰু গ’ল৷ দৰিদ্রতা নির্মূলকেই মুখ্য কৰি অনেক আঁচনি গ্রহণ কৰা হ’ল যদিও আজিও সমাজৰ অধিকাংশই সংবিধান প্রদত্ত মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ উৰুখা পঁজাত, অর্ধাহাৰ, অনিদ্রাই দিন অতিবাহিত কৰিবলগীয়া ঘটনা৷ সেয়া নেদেখিলে কল্পনাই কৰিব নোৱাৰি৷ যোৰহাট নগৰৰ উপকণ্ঠৰ ৫৫নং কৰঙা গাঁও পঞ্চায়তখনত সকলো দিশৰ পৰাই বঞ্চিত কেইবাটাও পৰিয়ালৰ তথ্য পোহৰলৈ অহাৰ পাছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ পঞ্চায়তখনৰ দুই নং ৱার্ডৰ বাসিন্দা ক্রমে শুকুনতোলা ভূঞা, মাখনি ভূঞা, লক্ষী ভূঞা, সুনীতা মূড়া, পাকৈ ভূঞা, ৰীমা ভূঞা আৰু কেতেকী ভূঞাৰ পৰিয়ালকেইটাৰ গড়াল সদৃশ বাসগৃহ দেখিলে সকলোৰে চকু থিয় হ’ব৷ কোনোবাটো ঘৰৰ ওপৰত যদি চালৰ নামত কেইখনমান টিনপাত আছে, তাত নাই বেৰ৷ কোনোবাটোৰ বেৰৰ নামত কেইটামান বাঁহৰ কামি ওলমি আছে, চাল উৰুখা৷ কোনোমতে দিন হাজিৰা কৰি পেট প্রৱর্তাই থকা লোকসকলে উৱলি যোৱা বাসগৃহ মেৰামতি কৰিব নোৱাৰাত তেনেকৈয়ে ৰ’দে–বৰষুণে অতিবাহিত কৰিবলগীয়াত পৰিছে৷ খোৱাপানীৰ লগতে বিজুলী সংযোগৰো কোনো ব্যৱস্থা নথকা অঞ্চলটোৰ ৰাইজে কেনেকৈ আদিম জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে সেয়া নেদেখিলে অনুমান কৰিব নোৱাৰি৷ উল্লেখ্য যে কংগ্রেছৰ পোন্ধৰ বছৰীয়া শাসনকালৰ কেউটাতেই পঞ্চায়তখন তেওঁলোকৰ দখলত আছিল৷ একাধিক দুর্নীতিৰ অভিযুক্ত পূর্বৰ পঞ্চায়ত সভানেত্রীগৰাকীয়ে পঞ্চায়তখনত সভাপতিৰ পদটো বিজেপিৰ হাতলৈ যায় যদিও জিলা পৰিষদ আৰু ৱার্ড মেম্বাৰ পদ দুটা কংগ্রেছৰ হাততে থাকে৷ এনে অৱস্থাত সকলোৱেই আশা কৰিছিল পৰিবর্তনৰ শ্লোগান আওৰাই শাসনলৈ অহা বিজেপিৰ সভাপতিগৰাকীৰ লগতে স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়ে পঞ্চায়তবাসীৰ উন্নতি সাধিব৷ কিন্তু আজি পর্যন্ত লোকৰ নামত কোনো আঁচনিৰ অধীনত বাসগৃহৰ আবণ্টন নাই হোৱা বুলি জানিবলৈ দিয়ে সুনীতা, ৰীমা, লক্ষীহঁতে৷ সমান্তৰালভাৱে হোৱা নাই কোনো বিদ্যুতীকৰণ আৰু পানীৰ ব্যৱস্থা৷ চলিত বর্ষতো ধনৰ অভাৱতেই টিনপাতটো বাদেই খেৰ, টকৌপাতো ক্রয় কৰি ঘৰত লগাব নোৱাৰা পৰিয়ালকেইটা সমাগত বাৰিষাক লৈ শংকিত হৈ পৰিছে৷ ইতিমধ্যে তেওঁলোকৰ খবৰ পোৱাৰ পাছত অসম চাহ জনজাতি ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক সিদ্ধান্ত তাঁতীৰ নেতৃত্বত যোৱা এটা দলে পৰিয়ালকেইটাৰ বুজ লৈ পঞ্চায়তৰ বিষয়ববীয়াক অৱগত কৰিছে৷ কিন্তু ধান পকে মানে টুনিৰ মৰণ৷ বাৰিষাৰ পূর্বেই পৰিৱর্তন আহিবনে শুকুনতোলা, ৰীমা, সুনীতা, লক্ষী, কেতেকীহঁতৰ জীৱনলৈ?