নুমলীগড়ত গা ধোৱা ঘৰত সোমাল বাঘঃ যুৱতীক আক্ৰমণ
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ নুমলীগড়ত বাঘৰ আতংক। নুমলীগড়ৰ বিষ্ণুপুৰত প্ৰদীপ দাস নামৰ ব্যক্তিৰ গা ধোৱা ঘৰত সোমাল বাঘ। দাসৰ কন্যাই গা ধূৱা ঘৰলৈ যাঁওতেই বাঘটোৱে আক্ৰমণ কৰে। যাৰ ফলত যুৱতী গৰাকী কিছু পৰিমাণে আঘাত প্ৰাপ্ত হয় । পিছে ৰাইজৰ হৈ হাল্লাত বাঘটো সেই স্থানৰ পৰা চাহ বাগানৰ ফালে পলাই যায়। প্ৰত্যক্ষদৰ্শীয়ে লতা মেকুৰী বাঘ বুলি জানিবলৈ দিছে।