নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ গোলাঘাট জিলাৰ ৰঙাজানত খুড়াকে অতি নৃশংসভাৱে হত্যা কৰিলে ১২ বছৰীয়া ভতিজাকক । ৰঙাজান ডনবস্ক’ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ দিপক ৰবিদাসক জোতাৰ ফিটাৰে ডিঙি চেপি , মূৰত মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰে ভতিজাকক । এই নৃশংস ঘটনা ৰঙাজান তিনি নং লাইনত । বৰ্তমান হত্যাকাৰী অজিত ৰবিদাস গোলাঘাট আৰক্ষীৰ জালত । উল্লেখ্য যে গোলাঘাট জিলাৰ ৰঙাজান তিনি নং লাইনৰ নিবাসী নৰেণ ৰবিদাস আৰু অজিত ৰবিদাসৰ মাজত সম্পত্তিক লৈ অব্যাহত আছিল দীৰ্ঘদিনীয়া সংঘাত । সেই সংঘাতৰ বলী হ’ল ১২ বছৰীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ দিপক ৰবিদাস । যোৱা ১২ মাৰ্চত দিপক বিদ্যালয়লৈ যোৱাৰ পাছত আৰু ঘৰলৈ ঘূৰি নাহিল । বিদ্যালয় ছুটি হোৱাৰ পিছত হত্যাকাৰী অজিত ৰবিদাসে ভতিজাক দিপকক ফুচুলাই চাইকেলত উঠাই লৈ গৈছিল নামবৰ বনাঞ্চলৰ সমীপৱৰ্তী মধুবনৰ এটা জনশূন্য ঠাইলৈ । প্ৰথমে হাতেৰে ডিঙি চেপি পাছত জোতাৰ ফিটাৰে ডিঙি চেপি হত্যা কৰে । হত্যাকাৰীয়ে নিজেই বৰ্ণনা কৰিলে হত্যাৰ বিভৎস কাহিনী ।
Prev Post