নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ৩৬ টাকৈ পৰীক্ষা সম্পন্নঃ ক’ৰোনাত আক্ৰান্ত হৈছে নেকি কোনো লোক ?

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অসমত কোনো এজন লোকেই আক্ৰান্ত হোৱা নাই ক’ভিড – ১৯ ভাইৰাছত । সোমবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

২৯ জন লোকৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাৰ অন্তত ২৮ জন লোকৰ শৰীৰতেই ক’ৰোনা ভাইৰাছ লাভ কৰা নাই । অৱশ্যে এজন লোকৰ পৰীক্ষাৰ ৰিপৰ্ট বৰ্তমানেও অহা নাই । এইজন ৰোগীৰ ক্ষেত্ৰতো ক’ৰোনা ভাইৰাছৰ নেতিবাচক ফলাফল আহিব বুলিয়েই সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে, ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত আমেৰিকাৰ পৰ্যটক গৰাকীৰ লগত থকা চালক আৰু এমভি মহাবাহু ক্ৰুজত যাত্ৰা কৰা ৫ গৰাকী পৰ্যটকৰো ক’ৰোনা ভাইৰাছ পৰীক্ষা কৰা হয় । এই ৬ গৰাকীৰ পৰীক্ষাৰ অন্তত কোনো এজনৰ শৰীৰতেই ক’ৰোনা ভাইৰাছৰ স্থিতি দেখা পোৱা নগ’ল বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন এগৰাকী ৰোগীৰ নমুনা সংগ্ৰহ কৰিওপ্ৰেৰণ কৰা হৈছে পৰীক্ষাৰ বাবে । এই পৰীক্ষাৰ ফলাফলো খুব সোনকালেই আহিব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই । এইগৰাকী ৰোগীৰ নমুনা পৰীক্ষাৰ অন্তত ক’ৰোনা ভাইৰাছ নথকাৰ সম্ভাৱনাই অধিক বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like