নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্ট্রেছ আৰু নিয়মিত যোগাভ্যাস

  • বসন্ত মজুমদাৰ

ষ্ট্রেছ হৈছে এজন ব্যক্তিৰ সমাধান কৰিব নোৱাৰা কিছুমান সমস্যা৷ মন, মগজুক আচ্ছন্ন কৰি ৰখা এক যন্ত্রণা৷ ই আমাৰ প্রাণশক্তি আৰু জীৱনৰ ছন্দ বিঘ্ণিত কৰে৷ ষ্ট্রেছ নামৰ এই মনোদৈহিক দুৰৱস্থাই আমাৰ দেহ–মন দুয়োটাকে বেয়াকৈ প্রভাৱিত কৰে৷

ষ্ট্রেছ বা মানসিক চাপৰ কিছুমান কাৰণ থাকে৷ দৈহিক অক্ষমতা, অর্থনৈতিক সমস্যা, পাৰদর্শিতা প্রদর্শনত ব্যর্থতা, অত্যধিক ব্যস্ততা, অপৰিপক্ব বিচাৰ–বিবেচনা, জিৰণিৰ অভাৱ, হতাশা, আত্মবিশ্বাসৰ অভাৱ ইত্যাদি৷ শাৰীৰিক ৰোগ আৰু যিকোনো ক্ষেত্রতে দুশ্চিন্তা আহিলেও মানসিক চাপ হ’ব পাৰে৷ বিভিন্ন কাৰকৰ পৰা দুশ্চিন্তা হ’লে যিকোনো পৰিস্থিতি, পৰিৱেশত সহজ হ’ব নোৱাৰে, বিপদ আদিৰ আশংকাও থাকে৷ এনেবোৰ দুশ্চিন্তাৰ ফলত মানসিক চাপৰ লগতে শৰীৰতো ৰোগৰ প্রভাৱ পৰে৷ কিছুমান মানুহে সমস্যাৰ পৰা হাত সাৰিব নোৱাৰি দুশ্চিন্তাত ভোগে৷ এনে ধৰণৰ মানসিক যন্ত্রণাবিলাকৰ পৰা আমি হাত সাৰি থকাটো প্রয়োজন৷ মানুহে যিকোনো সময়তে ষ্ট্রেছ বা মানসিক চাপৰ সন্মুখীন হ’ব পাৰে, কিন্তু এনে ধৰণৰ চাপে নিজকে দুর্বল কৰাৰ সুযোগ দিব নালাগে৷ খং, উত্তেজনা, উদ্বিগ্ণতাৰ পৰা আমি দূৰত থাকিব লাগে৷

ষ্ট্রেছৰ ফলত আমাৰ শৰীৰতো কিছু প্রভাৱ পৰে৷ যেনে– শৰীৰৰ তাপ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ ৰক্তচাপ বাঢ়িব পাৰে৷ মগজুৰ ৰক্তবাহী ধমনীবোৰ ফাটি ষ্ট্রোক হ’ব পাৰে, পাকস্থলীত প্রচুৰ পাচক ৰস নির্গত হৈ ঘা হ’ব পাৰে, মাংসপেশীবোৰ অকামিলা হ’ব পাৰে৷ মানুহ মাত্রেই চাপ থাকিবই৷ যিকোনো কার্য সম্পাদন কৰোঁতে চাপবিহীনভাৱে সমাপ্ত কৰিব নোৱাৰে৷ এটা নহয় কোনো এটা পর্যায়ত চাপৰ সৃষ্টি হ’বই৷ হয়তো কোনো কামত বেছি, কোনোবাটো কামত কম৷ য’ত সংগ্রাম থাকে তাত চাপ থকাটো স্বাভাৱিক৷ কিছুমানে অধিক পোৱাৰ আশাত আৰু কিছুমানে জীৱনৰ নূ্যনতম প্রয়োজনীয়খিনিকে পাবলৈ সংগ্রামত ব্রতী হ’ব লগা হৈছে৷ ফলত মানসিক চাপৰ লগতে আনুষংগিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে৷

মানসিক চাপৰ লক্ষণসমূহ : 

কোনো এজন লোকে দীর্ঘদিন ধৰি মানসিক চাপত ভুগি থাকিলে কিছুমান বিশেষ লক্ষণ ফুটি উঠে৷ যেনে– শাৰীৰিক সমস্যাৰ সৃষ্টি হয়, অনবৰতে টোপনিৰ ভাব হৈ থাকে যদিও সময়ত টোপনি নাহে৷ ফলত নিদ্রাহীনতাত ভোগে৷ মূৰ ঘূৰোৱা, মূৰৰ বিষ, মনটো অনবৰতে ভাৰাক্রান্ত হৈ থকা, শৰীৰৰ কঁপনি, কোনো বিষয়ত সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা অৱস্থাৰ উপৰি পাহৰণিৰ সমস্যাই দেখা দিয়ে৷ ডিপ্রেছন বা হতাশাগ্রস্ততাৰ চিকাৰ হয়, সঘনাই মুড পৰিৱর্তন হয়, অকলশৰে থাকি ভাল পায়, সঘনাই কাম সলনি কৰি থাকে৷

মানসিক চাপৰ পৰা মুক্ত হোৱাৰ উপায় :

ষ্ট্রেছৰ সন্মুখীন হ’লে জীৱনশৈলীৰ পৰিৱর্তনৰ চেষ্টা কৰিব লাগে৷ জীৱনশৈলী পৰিৱর্তন কৰি মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰি৷ অন্তর্মুখী হোৱা বা আত্মদর্শন কৰাটো ইয়াৰ এক অন্যতম উপায়৷ অন্তর্মুখী হ’ব পাৰিলে নিজৰ সকলো দোষ–ত্রুটি উপলব্ধি হয়৷ বাহ্যিক জগতৰ পৰা মনক কিছু আঁতৰাই অন্তর্জগতত নিজৰ প্রকৃত ৰূপ অৱলোকন কৰি নিজক অন্তর্মুখী কৰি তুলিব পাৰি বা জীৱনৰ প্রকৃত কর্ম আৰু লক্ষ্য স্থিৰ কৰি ল’ব পাৰি৷

আচলতে বর্তমান সমাজ ব্যৱস্থাত মানুহৰ জীৱন নির্বাহৰ পদ্ধতি সম্পূর্ণকৈ সলনি হৈ গৈছে৷ বাঢ়ি গৈছে মানুহৰ অন্তহীন ব্যস্ততা৷ চিকিৎসা বিজ্ঞানীসকলে প্রমাণ কৰিছে যে বহুকেইটা ৰোগৰ কাৰণ হৈছে মানসিক চাপ৷ গতিকে মানসিক চাপৰ পৰা পৰিত্রাণ পাবলৈ এক শৃংখলাবদ্ধ জীৱনশৈলী বাছি ল’ব লাগিব৷ নিয়মিত যোগ অভ্যাসত আত্মনিয়োগ কৰিব লাগে৷ যোগাভ্যাসে মানসিক শক্তি বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়৷ বিশেষকৈ ধ্যান আৰু প্রাণায়ামে মানসিক চাপৰ পৰা বহুখিনি মুক্ত কৰাত অৰিহণা যোগায়৷ ধ্যানে বিক্ষিপ্ত মনত থানথিত লগায়৷ প্রাণায়ামে উশাহ–নিশাহক নিয়ন্ত্রিত কৰি উশাহৰ জৰিয়তে বেছিকৈ অক্সিজেনসমৃদ্ধ বায়ু প্রৱেশত সহায় কৰি হূদযন্ত্রক সকাহ দিয়ে আৰু ৰক্তচাপ নিয়মীয়া কৰে, মন শান্ত কৰে, মগজু সক্রিয় কৰি ৰাখে, মনত প্রশান্তিৰ ভাব সৃষ্টি কৰে৷ শিথিলীকৰণ ব্যায়াম–আসনে আমাৰ মাংসপেশীবোৰক সকাহ দিয়ে, যিবোৰ ষ্ট্রেছৰ প্রভাৱত সংকুচিত হৈ থাকে৷

কিছু ব্যায়াম, মালিচ আদিৰ দ্বাৰাও শৰীৰৰ মাংসপেশীবোৰক আৰাম দিব পাৰি৷ আসনে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ আসন অভ্যাসৰ দ্বাৰা শৰীৰৰ অংগসমূহ সবল, সতেজ আৰু কার্যক্ষম হৈ থাকে৷ শৰীৰৰ জড়তা, দুর্বলতা, অস্থিৰতা, এলাহ আদি আঁতৰি শৰীৰ–মনলৈ স্থিৰতা আহে৷ ধ্যান অভ্যাসে ষ্ট্রেছ কমোৱাত যথেষ্ট সহায় কৰে৷ ধ্যানৰ অর্থ হৈছে মনৰ অন্তর্দর্শন, নিজৰ ভিতৰতে বিলীন হৈ যাব পৰা শক্তি৷ ধ্যানৰ অভ্যাসে মানুহক আত্মসচেতন আৰু আত্মসংযমী কৰি তোলে৷ নিতৌ পুৱা বা সন্ধিয়া অলপ সময় ধ্যানৰ অভ্যাসে শৰীৰ আৰু মনত থকা অত্যধিক হেঁচা লাঘৱ কৰে৷ মন সুস্থিৰ আৰু শান্ত হৈ অফুৰন্ত আনন্দ অনুভৱ কৰিব পাৰি৷

আপোনাৰ মনটোৱে কি বিচাৰে? আপুনি জীৱনটোক কিভাৱে গ্রহণ কৰে, তাৰ ওপৰত নির্ভৰ কৰে আমাৰ জীৱনৰ প্রকৃত অর্থ৷ মনটোক সদায় যুক্তিৰে বিচাৰ কৰিব পৰা শক্তি দিয়ে নিয়মিত ধ্যানৰ অভ্যাসে৷ নিজকে নিৰপেক্ষ স্থিতিত ৰাখি সেই চিন্তা–ভাবনাবোৰক নিৰপেক্ষ দৃষ্টিৰে চাবলৈ শিকক, মনটোক কিছুমান চিন্তাই জুমুৰি দি ধৰিলে যিকোনো ধ্যানাসনত বা সুখাসনত বহি তাৰ জৰিয়তে সেই চিন্তাবোৰক বিশ্লেষণ কৰাৰ চেষ্টা কৰক৷ দেখিব এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ পথ মুকলি হৈছে৷ নিজকে চোৱাৰ অভ্যাস কৰাটোৱে হ’ল ধ্যান৷ ধ্যান মানেই হ’ল নিজৰ ভিতৰত যাত্রা৷ অন্তর্যাত্রা৷ নিজক অন্তর্মুখী কৰিব পাৰিলে বহুতো মানসিক অশান্তিৰ পৰা হাত সাৰি থাকিব পাৰি৷

You might also like