পঁইতাভাত-ৰ উপকাৰিতা… জানিলেই আচৰিত হব আপুনি
ফার্মেণ্টেচনৰ কাৰণে পঁইতাভাতত কার্ব’হাইড্রেট আৰু ফেটৰ পৰিমাণ কম থাকে বাবে পন্তা ভাতে শৰীৰৰ ওজন হ্রাস কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰে৷
পঁইতাভাত-ৰ উপকাৰিতা
ৰাতুল ৰাজবংশী
অসমীয়াত এষাৰ কথাই আছে বোলে, পান্তা ভাতৰ জল তিন পুৰুষৰ বল৷ একেবাৰে সঁচা কথা৷ পান্তা ভাতৰ ইমান শক্তি যে এই ভাত খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে৷ বিভিন্ন গৱেষণাৰ পৰা পান্তা ভাত বা পঁইতাভাতৰ উপকাৰিতা বিশ্লেষণ কৰি পোৱা গৈছে৷ সেয়ে এতিয়া ধনিক শ্রেণীয়েও ইয়াক আঁকোৱালি লোৱা দেখা গৈছে৷ আজিকালি প্রায়ভাগ অত্যাধুনিক সম্ভ্রান্ত হোটেল, ৰেস্তোৰাঁতো পঁইতাভাত পৰিৱেশন কৰা হয়৷ সেয়ে পঁইতাভাত এতিয়া আভিজাত্যৰ প্রতীক হৈ পৰিছে৷ বর্তমান সময়ত পঁইতাভাতৰ প্রশংসাতেই পঞ্চমুখ চিকিৎসকসকলো৷ গৱেষণাত পোৱা মতে পঁইতাভাতৰ শৰীৰৰ ৰোধ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ সেয়ে থূলমূলকৈ পঁইতাভাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
সুকন্যাৰ লেখাও লগতে পঢ়িব — ইয়াত ক্লিক কৰক
২০১৯ চনত পন্তা ভাতৰ পুষ্টিগুণ সম্পর্কে কৰা গৱেষণাত পোৱা গৈছে যে পানীত তিয়াই ৰখা পন্তা ভাতৰ থকা ছর্ট চেইন ফেটী এচিডে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়৷ ইয়াৰ উপৰি পন্তা ভাতত প্রচুৰ পৰিমাণে কার্ব’হাইড্রেট থাকে৷ ফেটী এচিড আৰু কার্ব’হাইড্রেটৰ এণ্টি ইনফ্লেমেটৰি ধর্মৰ বাবে শৰীৰৰ এলার্জী বা শক্তিৰ লেভেল কেইবাগুণো বৃদ্ধি কৰে৷ গোটেই ৰাতি পানীত তিয়াই থকাৰ বাবে ফার্মেণ্টেচনৰ ফলত পন্তা ভাতত ভিটামিন–বি ১২ৰ মাত্রা বাঢ়ি যায়৷ যাৰ ফলত পঁইতাভাত খালে শৰীৰৰ ক্লান্তি দূৰ কৰাৰ লগতে অনিদ্রাৰ সমস্যা সমাধান কৰাত সহায় কৰে৷
পঁইতাভাতে নেচাৰেল লেক্সেটিভ হিচাপে কাম কৰে৷ কোষ্ঠ–কাঠিন্যৰ সমস্যা নোহোৱা কৰিব পাৰে পন্তা ভাতে৷ যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্রত পঁইতাভাত যথেষ্ট কার্যকৰী৷ সাধাৰণ ভাতৰ তুলনাত পঁইতাভাতত ছ’ডিয়ামৰ পৰিমাণ কম থাকে৷ আনহাতে পটেচিয়ামৰ পৰিমাণ যথেষ্ট বেছি পোৱা যায় বাবে বিভিন্ন ক্ষেত্রত শৰীৰৰ বাবে উপকাৰী৷
ফার্মেণ্টেচনৰ কাৰণে পঁইতাভাতত কার্ব’হাইড্রেট আৰু ফেটৰ পৰিমাণ কম থাকে বাবে পন্তা ভাতে শৰীৰৰ ওজন হ্রাস কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰে৷
নিয়োগ বাৰ্তাৰ সকলো খবৰ একেলগে পঢ়ক ইয়াত – Click here for details update
আনহাতে পঁইতাভাতক বিউটী ছিক্রেট অৱ এছিয়া বুলি কোৱা হয়৷ কাৰণ পন্তা ভাতে কোলাজেন প্রস্তুতত সহায় কৰে৷ এয়ে ছালৰ ইলাষ্টিচিটী বৃদ্ধি কৰে, ছাল মসৃণ কৰে৷ পঁইতাভাতক বডী ৰিহাইড্রেটিং ফুড হিচাপেও গণ্য কৰা হয়৷ গৰমৰ দিনত পঁইতাভাত শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষজ্ঞই কোৱা মতে পঁইতাভাতত পোৱা মাইক্র’নিউড্রিয়েণ্ট থকাৰ বাবে শৰীৰৰ প্রয়োজনীয় উপকাৰী উপাদানৰ অভাৱ নাইকিয়া কৰিব পাৰে৷ ১০০ গ্রাম সাধাৰণ ভাতত ৩.mg আইৰন থকাৰ বিপৰীতে পঁইতাভাতৰ ক্ষেত্রত আইৰন থাকে প্রায় ৭৩.৯mg, অর্থাৎ প্রায় ২১ গুণ বেছি, যিয়ে শৰীৰৰ নানাধৰণে উপকাৰ সাধন কৰে৷
ফোন : ৭৫৭৭৮–১০৮৯৪