নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতত হ্রাস বাল্য বিবাহৰ হাৰ

🔹 ইউনিচেফৰ শেহতীয়া প্রতিবেদনৰ তথ্য

বিশেষ বাৰ্তা, ১০ মার্চ : এছিয়াৰ ভিতৰত বাল্য বিবাহৰ হাৰ আটাইতকৈ বেছি বাংলাদেশত৷ ৰাষ্ট্রসংঘৰ শাখা সংগঠন ইউনিচেফৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ সংস্থাটোৰ তথ্য অনুসৰি, বিগত আঢ়ৈ দশকত বিশ্বজুৰি বাল্য বিবাহৰ হাৰ কিছু হ্রাস পাইছে৷ পূর্বে প্রতি চাৰিজনীৰ ভিতৰত এজনী নাবালিকা বিবাহপাশত আবদ্ধ হৈছিল৷ এতিয়া সেই পাঁচজনীৰ ভিতৰত এজনীলৈকে হ্রাস পাইছে৷ কিন্তু বাংলাদেশত এতিয়াও পৰিস্থিতি ভয়াৱহ৷ ইউনিচেফৰ প্রতিবেদন অনুসৰি, বাংলাদেশত বর্তমান ২০-২৪ বছৰীয়া মহিলাসকলৰ ভিতৰত ৫০ শতাংশৰ অধিকৰ বাল্য বিবাহ হৈছে৷ এছিয়াৰ ভিতৰত এয়া সর্বাধিক৷ ইউনিচেফৰ প্রতিবেদনত ভাৰতৰ প্রসংগও উল্লেখ কৰা হৈছে৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে বাল্য বিবাহ প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশ্বৰ ভিতৰত আটাইতকৈ বেছি অগ্রগতি দেখিবলৈ পোৱা গৈছে দক্ষিণ এছিয়াত৷ আঢ়ৈ দশকত দক্ষিণ এছিয়াত বাল্য বিবাহৰ হাৰ ৫৪ শতাংশৰ পৰা ২৬ শতাংশলৈ হ্রাস পাইছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি উন্নতি হৈছে ভাৰতত৷ ভাৰতত বর্তমান বাল্য বিবাহৰ হাৰ ২৩ শতাংশ৷

You might also like