নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী উপ পৰিদৰ্শকৰ সন্ত্ৰাস : ডিজিপিক অভিযোগ পাঁচ অধিবক্তাৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে দক্ষিণ শালমাৰাৰ পাঁচ অধিবক্তাৰ ডিজিপিলৈ গুৰুত্বৰ অভিযোগ দাখিল কৰা ঘটনাই সমগ্ৰ জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইবাৰ চোৰৰ সন্ত্ৰাস নহয়, ডকাইতৰ সন্ত্ৰাস নহয়, চোৰ ডকাইত প্ৰতিৰোধকাৰী এগৰাকী আৰক্ষী বিষয়াৰ সন্ত্ৰাসৰ বিৰুদ্ধে অভিযোগ। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰক্ষী থানাত কৰ্মৰত আৰক্ষীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ সাধাৰণ ৰাইজৰ পৰা ধন দাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে চোৰাং গৰুৰ বেপাৰীৰ লগত সম্পৰ্ক ৰখাৰ ওপৰিও অবৈধ ড্ৰাগছ, টেবলেটৰ সৰবৰাহকাৰীৰ লগত সুসম্পৰ্ক ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দক্ষিণ শালমাৰাৰ পাঁচ গৰাকী অধিবক্তাই আৰক্ষী সঞ্চালক প্ৰধান লৈ অভিযোগ প্ৰেৰণ কৰে। অধিবক্তা কেই গৰাকীয়ে অভিযোগত উত্থাপন কৰামতে আৰক্ষীৰ উপ পৰিদৰ্শক গৰাকীয়ে দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ ৰাইজক দাবী ধমকিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। সন্ত্ৰাস সৃষ্টিকাৰী আৰক্ষী বিষয়া গৰাকীৰ এনে কাণ্ডৰ বিৰুদ্ধে কোনো সাধাৰণ নাগৰিকে অভিযোগ দিব বিচাৰিলে তেওঁক ড্ৰাগছ, ছাইবাৰ অপৰাধ আদি মিছা কেচত ফচাই দিয়াৰ ভাবুকি প্ৰদান কৰি আৰক্ষী বিষয়া গৰাকীয়ে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰফলত এইবাৰ সাধাৰণ ৰাইজ নহয় পাঁচ গৰাকী অধিবক্তাই বিষয়া গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ বাধ্য হৈছে। অকল দক্ষিণ শালমাৰা অঞ্চলৰ স্থানীয় ৰাইজৰ ওপৰতে নহয়, বিষয়া গৰাকী কালাপানী, মানকাচৰ অঞ্চলতো সন্ত্ৰাস সৃষ্টি কৰা উপ পৰিদৰ্শক ৰাজখোৱাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান লৈ এখন লিখিত অভিযোগ দাখিল কৰি উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিচুৰ ৰহমানে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like