গুৱাহাটীত প্রকল্প ব্যৱস্থাপনা কার্যালয় স্থাপনৰ কুচকাৱাজ ইউৰোপীয় সংঘৰ
বিশেষ বার্তা, ১৩ মার্চঃ অচিৰেই গুৱাহাটীত স্থাপন কৰা হ’ব ইউৰোপীয় সংঘৰ প্রকল্প ব্যৱস্থাপনাৰ কার্যালয়৷ শেহতীয়াকৈ গুৱাহাটীত সম্পন্ন হৈ যোৱা ‘এডভাণ্টেজ আছাম’ৰ পিছত ইউৰোপীয় সংঘই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ নতুন দিল্লীত ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওচৰত এই কথা ব্যক্ত কৰিছে৷ দিল্লীত থকা মুখ্যমন্ত্রীজনে ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতজনক তেওঁৰ দিল্লীস্থিত বাসভৱনলৈ গৈ সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রীয়ে মূলতঃ ‘এডভাণ্টেজ আছাম’লৈ ইউৰোপীয় সংঘৰ সদস্য দেশসমূহে আগবঢ়োৱা সহযোগিতাৰ বাবে হার্ভেৰ ওচৰত কৃতজ্ঞতা ব্যক্ত কৰে৷ সাক্ষাৎকালত হার্ভেৰ সৈতে বিভিন্ন বিষয়তো আলোচনা হোৱা বুলি মুখ্যমন্ত্রীয়ে পিছত এক্সযোগে জানিবলৈ দিয়ে৷ ইউৰোপীয় সংঘৰ সৈতে যৌথ উদ্যোগত অসমত ক্লীন এনার্জী, ছেমিকণ্ডাক্টৰ, উচ্চ শিক্ষা, দক্ষতা বিকাশ, সুগন্ধি তথা আতৰৰ সৈতে জড়িত উদ্যোগ গঢ়ি তোলাৰ ওপৰত আলোচনাত বিশেষ গুৰুত্ব প্রদান কৰা হয়৷ আনহাতে গুৱাহাটীত ইউৰোপীয় সংঘৰ প্রকল্প ব্যৱস্থাপনাৰ কার্যালয় স্থাপনৰ ক্ষেত্রত অসম চৰকাৰে সংঘক সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে মুখ্যমন্ত্রীয়ে৷ এইক্ষেত্রত কেন্দ্রৰ বৈদেশিক পৰিক্রমা বিভাগৰো সহযোগিতা লোৱাৰ কথা দাঙি ধৰে মুখ্যমন্ত্রীজনে৷