নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ প্রভাৱে ভাৰতীয় অর্থনীতিত ব্যাপক প্রভাৱ পেলাইছে ৷ দেশীয় ষ্টক মার্কেটত অঘটন আৰম্ভ হৈছে ৷ বিগত কেইবাদিন ধৰি বিএছই ছেনছেক্স আৰু এনএছই নিফটিৰ সূচক নিম্নগামী হৈ অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে ৷ সোমবাৰে বিএছই ছেনছেক্স ২৭১৩.৪১ পইণ্ট নিম্নগামী হৈ ৩১,৩৯০ত বজাৰ সামৰণি পৰে ৷ অর্থাৎ ছেনছেক্স ৭.৯৮ শতাংশ নিম্নগামী হোৱাত বিনিয়োগকাৰীয়ে হেৰুৱালে ৭.৫৪ লাখ কোটি টকা ৷ আনপিনে, এনএছই নিফটি ৭৫৬.১০ পইণ্ট তথা ৭.৬০ শতাংশ নিম্নগামী হোৱাত নিফটিৰ বজাৰ ৯,১৯৯ত সামৰণি পৰে৷ ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ লোৱাৰ লগতে ইউএছ ফেডাৰেল ৰিজার্ভে সুদৰ হাৰ দ্বিতীয়বাৰৰ বাবে হ্রাস কৰাত ভাৰতৰ শ্বেয়াৰ বজাৰত পতন ঘটিয়েই আছে ৷ উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ব্যক্তিগত বেংকলৈকে আজি শ্বেয়াৰ বজাৰত লোকচানৰ সন্মুখীন হয় ৷