নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : ৰাজ্য চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয় আৰু খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত তথা ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ সহযোগত মহাবিদ্যালয়খনত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে প্রাচীন ঐতিহ্যৰ অন্বেষণ আৰু চিন্তাৰ সমূহীয়া সমৃদ্ধকৰণৰ দিশে এখোজ’ শীৰ্ষক মৃৎ ভাস্কর্য নির্মাণ কর্মশালা আৰু বিশেষ বক্তৃতানুষ্ঠানৰ।চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্রত স্থান পোৱাৰ সুবাদত অসমৰ প্ৰাচীন ঐতিহ্য বিষয়ক আকৰ্ষণীয় প্ৰদৰ্শনী আৰু মৃৎ ভাস্কৰ্য নিৰ্মাণৰ দুদিনীয়া কৰ্মশালাৰ বুধবাৰে মহাবিদ্যালয়ত অনুস্থিত হয় শুভাৰম্ভনী অনুষ্ঠানৰ।নৃতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক শ্যামশ্ৰী গগৈয়ে এভাগি বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা আৰম্ভণী অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূতে। আদৰণী বক্তব্যত ড০ সূতে অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয় তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সঞ্চালক অৰিন্দম বৰুৱাৰ নেতৃত্বত অসমত সংগ্ৰহালয়ৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে আৰম্ভ হোৱা ‘গতিশীল সংগ্রহালয়’ শীৰ্ষক শৈক্ষিক প্ৰচাৰ কাৰ্য্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি সচেতন হৈ নিজৰ জ্ঞান বৃদ্ধি কৰে বুলি মন্তব্য কৰি অধ্যক্ষ ড০ সূতে অসম চৰকাৰ তথা ৰাজ্যিক সংগ্ৰহালয়ৰ সহযোগত ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত এটা সংগ্ৰহালয় আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। তেখেতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক থলুৱা সম্পদ আৰু ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আহ্বান জনায়।বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক পাপৰি মালা ভূঞাই আঁতধৰা অনুষ্ঠানত ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱাই ৰাজ্যিক সংগ্ৰহালয়ৰ তত্বাৱধানত নতুন প্ৰজন্মৰ মাজত লোক ঐতিহ্য, কলা-শিল্পৰ প্ৰাচুৰ্যময় সম্পদ আদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে আৰম্ভ হোৱা ভ্ৰাম্যমাণ সংগ্ৰহালয়ৰ অভিনৱ পদক্ষেপৰাজি, মিউজিঅলিজৰ পাঠ্যক্ৰমৰ দ্বাৰা ভৱিষ্যত আত্মসংস্থাপনৰ সুযোগ আদি বিভিন্ন বিষয়ত অৱলোকন কৰি বৰুৱাই ঢকুৱাখনা মহাবিদ্যালয়ত এটা উৎকৃষ্ট মানৰ সংগ্ৰহালয় স্থাপনৰ সম্ভাৱনা পোষকতা কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনী আৰু মৃৎ ভাস্কৰ্য নিৰ্মাণৰ কৰ্মশালাৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ সদস্য সচিব তথা নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক যুক্তিৰত্ন শইকীয়াই।মৃৎ কৰ্মশালাত মহাবিদ্যালয়খনৰ মুঠ ২৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।এই প্ৰদৰ্শনী তথা কৰ্মশালাৰ সমলব্যক্তি স্বৰূপে ৰাজ্যিক সংগ্ৰহালয়ৰ হৈ তেজপুৰ জিলা সংগ্ৰহালয় বিষয়া অভিলাস ৰাজখোৱা, প্ৰয়োগশালা ৰসায়ন বিশেষজ্ঞ অন্তৰীণ তালুকদাৰ আৰু ভাস্কৰ্যশিল্পী হেমন্ত চেতিয়া উপস্থিত থাকে।
প্ৰেৰক পুলকজ্যোতি বৰা