নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী-শিক্ষাবিদ লক্ষহীৰা দাসৰ দেহাৱসান, শোকস্তব্ধ ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ হেৰাই গল এক অনন্য সুৰ। ৰাজ্যবাসীক শোকসাগৰত পেলাই আজি পুৱতিনিশা অনন্তধামলৈ গতি কৰিলে সুকণ্ঠী গায়িকা, শিল্পী, শিক্ষাবিদ লক্ষহীৰা দাসে। গুৱাহাটীৰ নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কণ্ঠশিল্পীগৰাকীৰে পৰলোকগমন কৰে। মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকী বয়স হৈছিল ৯৪ বছৰ। অসমীয়া সংগীত জগতত এগৰাকী অম্লান সত্তা আছিল ড° লক্ষহীৰা দাস৷ যুগজয়ী বহু অমৰ অসমীয়া গীতৰ স্ৰষ্টা ড° দাস একাধাৰে শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা এগৰাকী অতি সাদৰী মহিলা পৰিচিত৷ অনাতাঁৰ শিল্পী হিচাপেও কেইবাটাও দশক তেওঁ সংগীত অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছিল৷ তেওঁৰ অনবদ্য অৱদানে সমৃদ্ধ কৰি গ’ল অসমীয়া সংগীত জগত৷ ইফালে ড০ দাসৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

You might also like