WPLৰ ফাইনেলত সমুখসমৰত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ
নিউজ ডেস্ক, ১৫ মাৰ্চঃ মহিলা প্ৰিমিয়াৰ লীগ-২০২৫ৰ চূড়ান্ত খেল দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব। মুম্বাই আৰু দিল্লীয়ে এইপৰ্যন্ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই দুয়োটা দল আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত মুখামুখি হ’ব। ইফালে পুৰস্কাৰৰ ধনৰ কথা কওঁ তেন্তে WPL খিতাপ জয় কৰা দলটোৱে লাভ কৰিব ৬ কোটি টকা। ইয়াৰ লগতে পৰাজিত দলটোৱেও লাভ কৰিব ধন।
দৰাচলতে মহিলা প্ৰিমিয়াৰ লীগৰ শেষ ছিজনত ফাইনেলত জয়ী হোৱা দলটোৱে পুৰস্কাৰ হিচাপে ৬ কোটি টকা লাভ কৰিছিল। কিন্তু এই ছিজনৰ পুৰস্কাৰৰ ধন এতিয়াও ঘোষণা কৰা হোৱা নাই। অৱশ্যে এই ছিজনতো পুৰস্কাৰৰ ধন একেই থাকিব পাৰে। যোৱা ছিজনৰ ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিছিল ৩ কোটি টকা। সেয়ে এইবাৰো ফাইনেলত পৰাস্ত হোৱা দলটোৱে একেখিনি ধন লাভ কৰিব পাৰে।
পইণ্ট তালিকাৰ শীৰ্ষত আছিল দিল্লী
এই ছিজনৰ পইণ্ট টেবুল চাওঁ তেন্তে দিল্লী কেপিটেলছ শীৰ্ষত আছিল। দিল্লীয়ে ৮খন মেচ খেলিছিল আৰু ৫খনত জয়লাভ কৰিছিল। আনহাতে ৩খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। দিল্লীয়ে ১০ পইণ্ট লাভ কৰে। মুম্বাই ইণ্ডিয়ানছে ৮খন মেচ খেলিছিল আৰু ৫খনত জয়লাভ কৰিছিল। লগতে ৩খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। গুজৰাট জায়েন্টছে ৮খন মেচ খেলি ৪খনত জয়লাভ কৰে।
এইবাৰ ডব্লিউ পি এলত কাৰ দখলত সৰ্বাধিক ৰান
মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ত এইবাৰ সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত আছে নাটালি স্কাইভাৰ ব্ৰুণ্ট। তেওঁ ৯খন খেলত ৪৯৩ ৰান সংগ্ৰহ কৰিছে। সামগ্ৰিক প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শীৰ্ষত আছে নাটালি। দ্বিতীয় স্থানত আছে এলিছ পেৰী। ৮খন মেচত ৩৭২ ৰান সংগ্ৰহ কৰিছে। হেলি মেথিউছে ৯খন খেলত ৩০৪ ৰান সংগ্ৰহ কৰিছে।