নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ অভাৰত সংগ্রহ নহ’ল এটাও ৰান

🔹 টি–২০ আন্তর্জাতিক ক্রিকেটত নতুন নজিৰ

নিউজ ডেস্ক, ১৬ মার্চ : টি–২০ ক্রিকেটৰ ছুপাৰ অভাৰ আৰম্ভ হোৱাৰ ১৬ বছৰ হ’ল৷ কিন্তু আন্তঃৰাষ্ট্রীয় টি–২০ মেচৰ ছুপাৰ অভাৰত প্রথমে বেটিং কৰি কোনো দলে ৰান সংগ্রহ কৰিবলৈ সক্ষম নোহোৱাৰ ঘটনা প্রথমবাৰৰ বাবে সংঘটিত হৈছে৷ বাহৰেইন আৰু হংকঙৰ মাজত অনুষ্ঠিত মেচখনত সংঘটিত হ’ল এই বিৰল ঘটনাটো৷ মালয়েছিয়াৰ কুৱালালামপুৰত চলি থকা ত্রিদেশীয় টি–২০ শৃংখলাৰ বাহৰেইনৰ বিপক্ষে খেলা মেচখনত প্রথমে বেটিং কৰি হংকঙে ৭ উইকেটত ১২৯ ৰান কৰে৷ প্রত্যুত্তৰত ১৩০ ৰানৰ জয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ অহা বাহৰেইনক অন্তিম অভাৰত জয়ৰ বাবে প্রয়োজন হৈছিল ১৩ ৰানৰ৷ কিন্তু দলটোৱে ১২ ৰান কৰাত মেচখন ছুপাৰ অভাৰলৈ যায়৷ ছুপাৰ অভাৰত প্রথমে বেটিং কৰিবলৈ আহি বাহৰেইনে প্রথম দুটা বলতে দুজন বেটাৰক হেৰুৱায়৷ সেই সময়ত দলটোৰ স্ক’ৰ ব’ৰ্ডত কোনো ৰান সংযোগ হোৱা নাছিল৷ ফলত প্রথমবাৰৰ বাবে কোনো এটা দলে আন্তঃৰাষ্ট্রীয় টি–২০ মেচৰ ছুপাৰ অভাৰত প্রথমে বেটিং কৰি কোনো ৰান সংগ্রহ কৰিব নোৱাৰিলে৷ ফলত হংকঙে তিনিটা বলত ১ ৰান কৰি বিজয়ী হয়৷

You might also like