নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগদানৰ জোৱাৰ, পঞ্চায়তে পঞ্চায়তে শ শ লোকৰ যোগদান

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ টিংখাঙত জোৱাৰ উঠিছে বিজেপিত যোগদানৰ। পঞ্চায়তে পঞ্চায়তে শশ লোকে যোগদান কৰিছে বিজেপিত। কালি নিশালৈকে মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত কেইবাটাও পঞ্চায়তত চলিল এই যোগদান কাৰ্যসূচী। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত টিংখাং সমষ্টিত উঠিছে এই গমনৰ  জোৱাৰ। মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত বিজেপিত যোগদান কৰিছে সমষ্টিৰ কেইবাশ ব্যক্তিয়ে। দুটা দিন পূৰ্বে টিংখাঙৰ শালমাৰী গাঁও পঞ্চায়ত, বামুণবাৰী গাঁও পঞ্চায়তৰ কেইবাশ ব্যক্তিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত কালি টিংখাঙৰ তিনঠেঙ্গীয়া, লেঙেৰী, শলগুৰী আৰু ৰাজগড় গাঁও পঞ্চায়তৰ কেইবাশ ব্যক্তিয়ে পৃথকে পৃথকে আয়োজন কৰা কেইবাটাও অনুষ্ঠানত অন্যান্য ৰাজনৈতিক দল, সংগঠনৰ পৰা আহি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দৰ্শনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখন গতিশিলতাৰে পৰিচালনা কৰাৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক দলৰ নেতা-কৰ্মীকে ধৰি সমষ্টিৰ কেইবাশ ব্যক্তিয়ে বিজেপিত যোগদান কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিজেপি যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰনি জনাই ৰাইজৰ উন্নয়ণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ডিব্ৰুগড় জিলা সভাপতি দুলাল বৰা, টিংখাং মণ্ডল সভাপতি পংকজ গগৈ, লেঙেৰী মণ্ডলৰ সভাপতি বিনোদ কুৰ্মী আদি উপস্থিত থাকে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like