অষ্ট্ৰেলিয়াত ‘পাকিস্তানী’ ক্ৰিকেটাৰৰ খেলপথাৰত মৃত্যু
নিউজ ডেস্ক, ১৭ মাৰ্চঃ দক্ষিণ অষ্ট্ৰেলিয়াত চলি থকা ক্লাব ক্ৰিকেট খেলৰ সময়ত অত্যন্ত গৰমৰ বাবে মাটিত বাগৰি পৰে পাকিস্তানী মূলৰ খেলুৱৈ জুনেইদ জাফৰ। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব পৰা নাযায়। এডিলেইডৰ কনকৰ্ডিয়া কলেজ অভালত অনুষ্ঠিত হোৱা মেচখনৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।
অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি কনকৰ্ডিয়া কলেজত এই মেচখন তীব্ৰ উত্তাপত অনুষ্ঠিত হৈছিল। জুনেইদ জাফাৰে অল্ড কনকৰ্ডিয়ানছৰ হৈ খেলি আছিল। বতৰৰ প্ৰতিবেদন অনুসৰি প্ৰিন্স আলফ্ৰেড অল্ড কলেজিয়ানছৰ বিৰুদ্ধে এই খেলখনৰ সময়ত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছিল। বিয়লি প্ৰায় ৪ বজাত বেটিং কৰি থকা অৱস্থাত হঠাতে খেলপথাৰত বাগৰি পৰে ৪০ বছৰীয়া জুনাইদ জাফৰ।
খেলপথাৰত অচেতন হৈ পৰাৰ পিছত আন খেলুৱৈ আৰু কৰ্মচাৰীয়ে তেওঁক এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যায়। মেডিকেল টীমে চিপিআৰ দিলেও বচাব নোৱাৰিলে। এই সময়ত জুনাইদে ৩৭টা বলত ১৬ ৰান সংগ্ৰহ কৰি খেলি আছিল।
গৰম বতৰ হৈ পৰিল জুনাইদৰ মৃত্যুৰ কাৰণ
অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই মেচৰ সময়ত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছিল। জুনাইদে প্ৰথম ৪০ অভাৰত ফিল্ডিং কৰিছিল আৰু পিছত পিছত বেটিং কৰিবলৈ আহিছিল। জুনাইদ পাকিস্তানৰ যদিও ২০১৩ চনত কৰ্মসংস্থাপনৰ সন্ধানত অষ্ট্ৰেলিয়াৰ এডিলেইডলৈ আহিছিল।