নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ নগৰবেৰাৰ ২নং পলাহৰটাৰীত চাঞ্চল্যকৰ কাণ্ড। ভুূমি বিবাদৰ ভয়ংকৰ পৰিণতি। দিনদুপৰতে জ্বলাই দিয়া হয় এটা টিনপাতৰ ঘৰ। জানিব পৰা মতে গাঁওখনৰ পৈতৃক সম্পত্তি ভাগ-বাটোৱাৰাক লৈ আবু তালেব পক্ষ আৰু হাছেন আলী পক্ষৰ মাজত দীৰ্ঘদিনৰে পৰা চলি আহিছিল শীতল যুঁজ। তাৰ মাজতেই সীমা বুজাবলৈ বিবদমান ভূমিত উপস্থিত হয় লাটমণ্ডল আৰু বিভাগীয়ভাৱে সীমাৰ খুটি পুতি মাটি বুজাই দিয়াৰ পাছত শুনানিৰ বাবে উভয় পক্ষক অফিচলৈ মতা হয়। দুয়োপক্ষৰ লোক সেইমৰ্মে নগৰবেৰালৈ যোৱাৰ পাছত ঘৰত কোনো নথকা অৱস্থাত জ্বলি উঠে আবু তালেব পক্ষৰ এটা টিনপাতৰ ঘৰ। অগ্নিকাণ্ডৰ ফলত ঘৰটোৰ টিনপাতবোৰৰ লগতে ভিতৰত থকা বুজন পৰিমাণৰ কেঁচা চুপাৰিও ভস্মীভূত হয়। প্ৰশ্ন হয় কোনে সংঘটিত কৰিলে এই দুস্কাৰ্য? সীমা বিবাদক কেন্দ্ৰ কৰিয়েই কোনোবা দুষ্টচক্ৰই জ্বলাই দিলে নেকি ঘৰটো? আৰক্ষীৰ তদন্ততহে ওলাব জোলোঙাৰ মেকুৰী।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস