টীম ইণ্ডিয়ালৈ ৫৮ কোটি টকাৰ পুৰস্কাৰ ব’ৰ্ডৰ
নিউজ ডেস্ক, ২১ মাৰ্চঃ চেম্পিয়নছ ট্ৰফীত চেম্পিয়ন ভাৰতীয় ক্রিকেট দলৰ খেলুৱৈ আৰু প্রশিক্ষক তথা ছাপ’ৰ্ট ষ্টাফলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ৷ যোৱা ৯ মার্চত ডুবাইত চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰা টীম ইণ্ডিয়াৰ খেলুৱৈ, প্রশিক্ষক আৰু সহায়ক কর্মচাৰী তথা পুৰুষ বাছনি সমিতিৰ সদস্যসকলক সন্মান জনোৱাৰ বাবে বিচিচিআয়ে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে৷
সুনীতা উইলিয়ামছৰ অভিযানত ছিপাঝাৰৰ ভবানী শৰ্মা
দলটোৰ প্রতিজন খেলুৱৈৰ লগতে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে তিনি কোটি টকাকৈ লাভ কৰিব৷ ইফালে দলটোৰ ছাপ’ৰ্ট ষ্টাফৰ প্রতিজন সদস্যই ৫০ লাখ টকাকৈ লাভ কৰিব৷ আনহাতে মুখ্য প্রশিক্ষক অজিত আগৰকাৰে ৩০ লাখ, ৰাষ্ট্রীয় নির্বাচকমণ্ডলীৰ বাকী চাৰিজন নির্বাচকে ২৫ লাখকৈ টকা লাভ কৰিব৷ ইপিনে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ষ্টাফৰ প্রতিজন সদস্যই ২৫ লাখকৈ টকা লাভ কৰিব৷ চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰা ভাৰতীয় দললৈ নগদ ধনৰ পুৰস্কাৰ আগবঢ়াই বিচিচিআইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে কয় যে আইচিচিৰ ইটোৰ পিছত সিটো খিতাপ জয় কৰাটো এক অনন্য অনুভূতি আৰু এই পুৰস্কাৰে বিশ্বৰ মঞ্চত টীম ইণ্ডিয়াৰ নিষ্ঠা আৰু উৎকর্ষতাক স্বীকৃতি দিব৷ আইচিচি অনূর্ধ্ব–১৯ মহিলা বিশ্বকাপ জয়ৰ পিছত ২০২৫ চনত এইটো আমাৰ দ্বিতীয় আইচিচি ট্ৰফী জয় আৰু ই আমাৰ দেশত শক্তিশালী ক্রিকেট পৰিৱেশক প্রতিফলন কৰিছে৷ আনহাতে, ব’ৰ্ডৰ সচিব দেৱজিৎ শহকীয়াই কয় যে বিচিচিআয়ে খেলুৱৈ আৰু সহায়ক কর্মচাৰীসকলক এই উপযুক্ত পুৰস্কাৰৰে সন্মানিত কৰিবলৈ পাই গৌৰৱান্বিত বোধ কৰিছোঁ৷ বিশ্ব ক্রিকেটত তেওঁলোকৰ আধিপত্য বহু বছৰৰ কঠোৰ পৰিশ্রম আৰু কৌশলগত কার্যকৰীকৰণৰ ফল৷ খেলুৱৈসকলে প্রদর্শন কৰা নিষ্ঠা আৰু প্রতিশ্রুতিয়ে এক নতুন গুণমান স্থাপন কৰিছে আৰু আমি নিশ্চিত যে ভাৰতীয় ক্রিকেটে বিশ্বৰ মঞ্চত এক নতুন মাত্রালৈ অগ্রসৰ হৈ থাকিব৷