নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : চৰকাৰী স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত শাসকীয় চৰকাৰে ফটা ঢোল কোবাই আহিছে যদিও মাছখোৱা ত্ৰিশখন বিছনাযুক্ত সামূহিক চিকিৎসালয়খনত বর্তি থকা সমস্যাই চৰকাৰী স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে। বৃহত্তৰ মাছখোৱাৰ শতাধিক গাঁৱৰ ৰাইজৰ চিকিৎসা সেৱাৰ ভৰষা- এই চিকিৎসালয়ৰ সমস্যা বা অভাৱ-অভিযোগ সন্দৰ্ভত ইতিপূর্বে বহুবাৰ সংবাদ পৰিৱেশিত হোৱাৰ উপৰি বহুবাৰ কৰ্তৃপক্ষ তথা মন্ত্ৰী বিধায়কক আৱেদন-নিৱেদন কৰি সমস্যা সমাধানৰ আহ্বান জনায় অহা হৈছে যদিও কৰ্তৃপক্ষৰ অমনোযোগিতাত এই চিকিৎসালয়খনৰ সমস্যা সমস্যা হৈয়ে ৰৈছে। দৈনিক শ শ ৰোগীয়ে চিকিৎসা সেৱা বিচাৰি অহা চিকিৎসালয়খনৰ আন্তঃগাঁথনি বা চিকিৎসা সা-সৰঞ্জামৰ বিশেষ অভাৱ নাই যদিও অত্যাধুনিক সা-সঁজুলিসমূহ ব্যৱহাৰ কৰিবলৈ বা ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ উপযুক্ত চিকিৎসা কৰ্মীৰ অভাৱ। যাৰ ফলত চিকিৎসালয়খনত থকা বহুকেইটা অত্যাধুনিক চিকিৎসা সঁজুলি অব্যৱহৃত হৈয়ে পৰি ৰৈছে। একপ্ৰকাৰ ভালুকৰ সাঙিতহে পৰিণত হৈছে চিকিৎসা সঁজুলিসমূহ। ইয়াৰ পৰা ৰাইজ উপকৃত হ’ব পৰা নাই। ইপিনে, চিকিৎসালয়খনত প্রয়োজনীয় চিকিৎসকৰো অভাৱ। বিশেষকৈ, ইয়াত কোনো বিশেষজ্ঞ চিকিৎসক নাই। চিকিৎসালয়খনত প্রসূতি ৰোগ আৰু শিশু ৰোগ বিশেষজ্ঞ চিকিৎসকৰ খুবেই প্রয়োজন। জৰুৰীকালীন সময়ত ৰোগী বা দুর্ঘটনাত পতিত লোকক সততে বিনা চিকিৎসাই ডিব্ৰুগড়ৰ বা ধেমাজি চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হৈ আহিছে। চিকিৎসালয়ৰ সমস্যাৰ বাবেই জৰুৰীকালীন সময়ত ঠাইতে তৎকালীন চিকিৎসা নাপাই দূৰণিৰ চিকিৎসালয়লৈ নিওঁতে ৰোগী সততে জটিল অৱস্থা প্রাপ্ত হোৱা পৰিলক্ষিত হৈ আহিছে। ইপিনে, শেহতীয়াকৈ চৰকাৰৰ এক ঘোষণাই চৰকাৰী স্বাস্থ্য খণ্ডৰ ওপৰত নিৰ্ভৰশীল ৰোগী আৰু চিকিৎসক উভয়কে বিপাঙত পেলোৱা দেখা গৈছে। স্বাস্থ্যমন্ত্রী অশোক সিংহালে ঘোষণা কৰা মতে, চৰকাৰী চিকিৎসকে চিকিৎসালয়ত থকা ঔষধহে ঔষধ নির্দেশনা পত্ৰত লিখিব পাৰিব। কিন্তু চৰকাৰী চিকিৎসালয়সমূহত যোগান ধৰা ঔষধ পর্যাপ্ত নহয়। চৰকাৰী ঘোষণাক কাৰ্যকৰী কৰিবলৈ গৈ চিকিৎসকসকলে প্রয়োজনলৈ পিঠি দি হ’লেও চিকিৎসালয়ত নথকা ঔষধ নিলিখা হৈছে। ইয়াকে লৈ ৰোগীসকল সমস্যাত পৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসা সেৱাৰ ভৰষা চৰকাৰী চিকিৎসালয়সমূহত পর্যাপ্ত ঔষধ যোগান, প্রয়োজনীয় চিকিৎসক, আৰু প্রয়োজনীয় চিকিৎসা কর্মী নিয়োগ কৰি ৰাইজক স্বাস্থ্য সেৱাৰ প্রকৃত সুফল প্রদানৰ ব্যৱস্থা কৰিবলৈ সচেতন মহলে চৰকাৰ কৰ্তৃপক্ষলৈ গোহাৰি জনাইছে।
প্ৰেৰক মিন্টু শইকীয়া