নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত গোপেশ্বৰ পাহাৰত ৰীল বনাবলৈ আহি এজন ছাত্ৰই আকস্মিক আৰু অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। পৰিবেশ আৰু পৰিস্থিতিৰ বিষয়ে সম্যকজ্ঞান নথকাকৈ চাংসাৰি থানাৰ অন্তৰ্গত এই পাহাৰখনত সতীৰ্থৰ সৈতে উপস্থিত হৈ মৃত্যুমুখত পৰা এই ছাত্ৰজন হৈছে মহানগৰীৰ গড়চুকৰ নাবালক ছাত্ৰ তথা গড়চুক থানাৰ অন্তৰ্গত নিজৰাপাৰ কটাবাৰীৰ নজৰ আলীৰ পুত্ৰ ৰবিউল হুছেইন ওৰফে খাইৰুল ইছলাম (১৭)। এই সন্দৰ্ভত প্ৰাপ্ত খৱৰ অনুসৰি এচাম কলা ব্যৱসায়ীৰ নিৰন্তৰ আঘাতত চিলা বনাঞ্চল এলেকাৰ এই পাহাৰখনৰ ওপৰত সৃষ্টি হোৱা খাল সদৃশ দ’ গাতত জমা হোৱা নীলাভ জলৰাশি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ৰীল বনোৱাৰ উদ্দেশ্যৰে খাইৰুলে আন চাৰিজন বন্ধু ওৱাছিম আলী, ৰফিকুল ইছলাম, চফিকুল ইছলাম আৰু কাদেৰ আলীৰ সৈতে ইয়াত উপস্থিত হৈছিল। কিন্তু আকস্মিকভাৱে ৰবিউল হুছেইনে পিছলি এই গাঁতত পৰে আৰু তেওঁৰ মৃত্যু হয়। পিছত এই বিয়ষে খৱৰ পাই ৰঙিয়া এচ.ডি.আৰ.এফ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত উপস্থিত হোৱা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে মৃতদেহ চমজি লৈ থানালৈ আনি মৰ্গত ৰাখে।
প্ৰেৰক হীৰকজ্যোতি ডেকা