নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত ১৩০ খন ATM কাৰ্ডসহ ৩ ইৰাণী গ্ৰুপৰ সদস্য আটক

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ সোমবাৰে নিশা বৰঝাৰ বিমানবন্দৰত আটক ৩ টাকৈ ইৰাণী গ্ৰুপৰ সদস্য । দিল্লীৰ পৰা নিশা গুৱাহাটীলৈ এয়াৰ এছিয়া বিমান যোগে আহিছিল দলটো ।

গোপন সূত্ৰৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই বৰঝাৰ বিমানবন্দৰত আটক কৰে ইৰাণী দলৰ হাৰিয়ানাৰ জোনাইড খান, চালিম খান আৰু ছামচেদ খানক ।

ইপিনে এই তিনি ইৰাণী গ্রুপৰ সদস্যকেইটাৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৯১,৭২০ টকা নগদ ধন , ১৩০ খন ATM কাৰ্ড, ১৪ বটল কফ চিৰাফ, মোবাইল ফোন ৪ টা।

পাছত এই ধৃত তিনিজনক বৰঝাৰ বিমানবন্দৰত আটক কৰি আজাৰা আৰক্ষীক চমজাই দিয়ে । ইফালে ইৰাণী গ্ৰুপৰ সদস্য কেইজনৰ পৰা জব্দ কৰা সামগ্ৰীখিনিয়ে এটা কথা স্পষ্ট কৰিছে যে সদস্যকেইজনে বহু পৰিকল্পনাৰে সৈতে অসমলৈ আহিছিল ।

You might also like