নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌ সেনাবাহিনীতো মহিলা বিষয়াক স্থায়ী কমিছনৰ অনুমতি

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ভাৰতীয় স্থল সেনাবাহিনীত মহিলা বিষয়াক স্থায়ী কমিছনৰ লগতে পুৰুষৰ সৈতে সমমর্যাদাৰ অনুমতি দিয়াৰ পিছত উচ্চতম ন্যায়ালয়ে মঙলবাৰে নৌ–বাহিনীতো মহিলা বিষয়াক স্থায়ী কমিছনৰ অনুমতি দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রশূৰৰ নেতৃত্বত বিচাৰপীঠে কালি পুৰুষৰ সমানেই মহিলা বিষয়াকো স্থায়ী কমিছনৰ নিযুক্তি দিবলৈ ৰায় দিয়ে৷ তিনি মাহৰ ভিতৰত নৌবাহিনীত কর্মৰত মহিলা বিষয়াক স্থায়ী কমিছনৰ অনুমতি দিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে৷

উল্লেখ্য যে নৌবাহিনীত কর্মৰত বিষয়া এছ এছ চিৰ অধীনত ১০ বছৰত অৱসৰ ল’ব লাগে যদিও চাৰি বছৰ সম্প্রসাৰিত কৰি মুঠ ১৪ বছৰ সেৱা আগবঢ়াব বুলিও ন্যায়ালয়ে ৰায়টোত উল্লেখ কৰে৷

You might also like