নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ যোৱা মাহত উত্তৰ দিল্লীত সংঘটিত সাম্প্রদায়িক সংঘর্ষৰ ঘটনাৰ পিছতে বিভিন্ন স্থানৰ আলোকচিত্র লৈ পাকিস্তানৰ ২০০গৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে ভাৰতীয় মুছলমানসকলক প্রৰোচিত কৰাৰ অপচেষ্টা চলাইছিল৷ শেহতীয়াকৈ দিল্লীৰ সংঘর্ষৰ ঘটনাৰ তদন্ত চলাই থকা চোৰাংচোৱা সংস্থাসমূহে এই তথ্য সদৰী কৰিছে৷ দিল্লী আৰক্ষীয়েও লাভ কৰিছে এই তথ্য৷ ২৫ ফ্রেব্রুৱাৰী আৰু ৩ মার্চত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত এই কথা উল্লেখ কৰা হৈছে৷
উল্লেখনীয় যে দেশৰ ৰাজধানী মহানগৰখনৰ সাম্প্রদায়িক সংঘর্ষ আৰু ‘কা’বিৰোধী প্রতিবাদত পাকিস্তানৰ হাত থকা বুলি বিভিন্ন সময়ত চোৰাংচোৱা তথা নিৰাপত্তা সংস্থাসমূহে অভিযোগ কৰি আহিছে৷ উত্তৰ–পূব দিল্লীৰ শেহতীয়া সাম্প্রদায়িক সংঘর্ষত ৫৩গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৫ শতাধিক আহত হৈছিল৷ সংঘর্ষৰ সময়তে কেইবাগৰাকীও নিৰাপত্তা বিশেষজ্ঞই পাকিস্তানে ইয়াৰ সুযোগ গ্রহণ কৰিব পাৰে বুলি সন্দেহ কৰিছিল৷