নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কবি-সাহিত্যিক-অভিনেত্ৰী বিলাসীপাৰা গীতালী বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। তেওঁ অসম সাহিত্য সভাৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৬৪ বৰ্ষীয়া কবিগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ আজি চিকিৎসালয়খনতে নীৰৱে প্ৰয়ান কৰে। বিলাসীপাৰাৰ জীয়ৰী-বোৱাৰী তথা বিশিষ্ট কবিগৰাকীৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলবাসীৰ লগতে দল সংগঠনক শোকাছন্ন কৰি তুলিছে। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, মাইকেল মধুসুদন বঁটা, অসম সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত বৰুৱা ডা: এ কে বৰুৱা ক্লিনিক আৰু থাপনা মেডিকেলৰ চিইঅ আছিল৷
প্ৰেৰক সমৰেশ শীল শৰ্মা